মুখ্যপৃষ্ঠা »খবৰ »দেশ »বিমানৰ যাত্ৰাত বিলম্ব হোৱাৰ বাবে যাত্ৰীয়ে কৰিলে আজব কাম, হ’বলগীয়া হ’ল গ্ৰেপ্তাৰ

বিমানৰ যাত্ৰাত বিলম্ব হোৱাৰ বাবে যাত্ৰীয়ে কৰিলে আজব কাম, হ’বলগীয়া হ’ল গ্ৰেপ্তাৰ

যাত্ৰীজনক তেওঁৰ বেগৰ সৈতে সুৰক্ষা সংস্থাসমূহে সোধা-পোছাৰ বাবে অফলোড কৰে আৰু প্ৰয়োজনীয় পৰীক্ষাৰ পিছত বিমানখনক যাবলৈ অনুমতি দিয়া হয়।

যাত্ৰীজনক তেওঁৰ বেগৰ সৈতে সুৰক্ষা সংস্থাসমূহে সোধা-পোছাৰ বাবে অফলোড কৰে আৰু প্ৰয়োজনীয় পৰীক্ষাৰ পিছত বিমানখনক যাবলৈ অনুমতি দিয়া হয়।

  • Share this:
বিমানৰ উৰণৰ বিলম্ব হোৱা বাবেই এজন যাত্ৰীয়ে কৰিলে আজৱ কাণ্ড! পিটিআইৰ ৰিপ’ৰ্ট অনুসৰি, এজন যাত্ৰীয়ে মিছাকৈ টুইট কৰিছিল যে ডুবাইৰ পৰা জয়পুৰলৈ যোৱা এখন বিমান অপহৰণ কৰা হৈছে।

ৰাজস্থানৰ নাগৌৰৰ মতি সিং ৰাথোৰ নাম লোকজন ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল। তেওঁ যাত্ৰা কৰিবলগীয়া ডুবাই–জয়পুৰ বিমানখন প্ৰতিকূল বতৰৰ বাবে দিল্লীলৈ ডাইভাৰ্ট কৰা হৈছিল। বিমানখন পুৱা ৯:৪৫ বজাত অৱতৰণ কৰিছিল আৰু দুপৰীয়া ১:৪০ বজাত প্ৰস্থান কৰিবলৈ অনুমতি দিয়া হৈছিল। ইফালে, ৰাথোৰে টুইট কৰি যে "ফ্লাইট হাইজেক" হৈছে।

যাত্ৰীজনক তেওঁৰ বেগৰ সৈতে সুৰক্ষা সংস্থাসমূহে সোধা-পোছাৰ বাবে অফলোড কৰে আৰু প্ৰয়োজনীয় পৰীক্ষাৰ পিছত বিমানখনক যাবলৈ অনুমতি দিয়া হয়। পৰৱৰ্তী পদক্ষেপৰ বাবে লোকজনক স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়া হয়। ঘটনা সন্দৰ্ভত লোকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

শেহতীয়াকৈ শিৰোনাম দখল কৰা বিমান পৰিবহন সম্পৰ্কীয় ঘটনাৰ এইটো শেহতীয়া ঘটনা। ইয়াৰ পূৰ্বে শংকৰ মিশ্ৰ নামৰ লোকজনৰ বিৰুদ্ধে যোৱা বছৰৰ ২৬ নৱেম্বৰত ব্যৱসায়িক শ্ৰেণীত এয়াৰ ইণ্ডিয়াৰ বিমানত নিচাগ্ৰস্ত অৱস্থাত এগৰাকী ৭০ বছৰীয়া মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

শেহতীয়া বাতৰি