সমাজকৰ্মী আন্না হাজাৰেই অনিৰ্দিষ্টকাললৈ অনশনত বহিব ১৪ ফেব্ৰুৱাৰীৰ পৰা। অনশন কৰিব মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে চৰকাৰৰ বিৰুদ্ধে। মহাৰাষ্ট্ৰ চৰকাৰে অলপতে ছুপাৰমাৰ্কেটত সুৰা বিক্ৰীৰ অনুমোদন দিয়াৰ পিছতে বুধবাৰে তেওঁ চিঠি লিখি মহাৰাষ্ট্ৰ চৰকাৰক এই বিষয়ে জনায়। হাজাৰেই (Social activist Anna Hazare) কয় যে ড্ৰাগছ, সুৰা আদি নিচাৰ পৰা লোকসকলক নিৰুৎসাহিত কৰাটো চৰকাৰৰ কৰ্তব্য, কিন্তু এয়া দুখজনক যে সুৰা বিক্ৰীৰে ৰাজহ উপাৰ্জনৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে।
আন্না হাজাৰেই ৰাজ্য চৰকাৰৰ (Maharashtra government) নতুন আবকাৰী নীতি প্ৰত্যাহাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ( Uddhav Thackeray)ক আহ্বান জনোৱা সম্পৰ্কে কয়- "মই তেওঁলোকলৈ সুৰা নীতি পুনৰ বিবেচনা কৰিবলৈ এই পত্ৰখন লিখিছোঁ, যদি তেওঁলোকে সন্মত নহয়, মই ১৪ ফেব্ৰুৱাৰীৰ পৰা অনশনত বহিম।'' আন্নাই লগতে কয় যে তেওঁ এই সন্দৰ্ভত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰলৈও চিঠি লিখিছে যদিও তেওঁৰ পৰাও কোনো সঁহাৰি পোৱা নাই।
তেওঁ পুনৰ কয় যে ৰাজ্যখনৰ জনসাধাৰণে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে, আনহাতে চৰকাৰত বহি থকাসকলে ইয়াক সমৰ্থন কৰি আছে। তেওঁ কয়, "এই ৰাজ্যৰ জনসাধাৰণৰ বাবে দুৰ্ভাগ্যজনক যে চৰকাৰে কেৱল ৰাজহ উপাৰ্জনৰ বাবে এনেদৰে সুৰা বিক্ৰীক অগ্ৰাধিকাৰ দিছে।"
উল্লেখ্য, আন্না হাজাৰেই ৩ ফেব্ৰুৱাৰীত আবকাৰী নীতিৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীলৈ প্ৰথম খন পত্ৰ লিখিছিল, কিন্তু কোনো সঁহাৰি পোৱা নাছিল। সেয়ে তেওঁ পুনৰ মনত পেলাই দিবলৈ এই চিঠি লিখি অনশনৰ (Indefinite Strike) কথা ব্যক্ত কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|