মই ভাৰতীয় আৰু মোৰ ভাৰতীয় পাৰপত্ৰ আৰু ভোটাৰ আই ডি কাৰ্ড আছেঃ অঞ্জু ঘোষ

ANI সহ বহুকেইটা ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশ পাইছিল অঞ্জু ঘোষ বাংলাদেশী নাগৰিক। ‘বেদেৰ মেয়ে জ্যোৎস্না’ৰ অভিনেত্ৰীগৰাকীৰ সৈতে নিউজ18ৰ আছুতীয়া সাক্ষাৎকাৰ।

News18-Assam
Updated:June 6, 2019, 11:54 AM IST
মই ভাৰতীয় আৰু মোৰ ভাৰতীয় পাৰপত্ৰ আৰু ভোটাৰ আই ডি কাৰ্ড আছেঃ অঞ্জু ঘোষ
ANI সহ বহুকেইটা ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশ পাইছিল অঞ্জু ঘোষ বাংলাদেশী নাগৰিক। ‘বেদেৰ মেয়ে জ্যোৎস্না’ৰ অভিনেত্ৰীগৰাকীৰ সৈতে নিউজ18ৰ আছুতীয়া সাক্ষাৎকাৰ।
News18-Assam
Updated: June 6, 2019, 11:54 AM IST
বিজেপিত যোগদান কৰাৰ পিছতে বিতৰ্কত সোমাই পৰা বাংলা অভিনেত্ৰী অঞ্জু ঘোষে দাবী কৰিছে তেওঁ ভাৰতীয় নাগৰিক। নাগৰিকত্বক লৈ উঠা প্ৰশ্ন আৰু বাংলাদেশী নাগৰিক বুলি চৰ্চা নস্যাৎ কৰি অঞ্জু ঘোষৰ মন্তব্য তেওঁৰ হাতত আছে ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ।

নিউজ18ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অঞ্জু ঘোষে কয়,

মোৰ হাতত ভাৰতীয় পাৰপত্ৰ আৰু ভোটাৰ আই ডি কাৰ্ড আছে।


বুধবাৰে পশ্চিম বংগ বিজেপিৰ অধ্যক্ষ দিলীপ ঘোষৰ উপস্থিতিত বিজেপিত যোগদান কৰা অঞ্জু ঘোষে বিশ্বৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দলটোৰ হৈ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰি উৎফুল্লিত হৈ পৰিছিল। কলকাতাৰ দলীয় কাৰ্যালয়ত অঞ্জু ঘোষে বিজেপিত যোগদান কৰাৰ পিছে অভিনেত্ৰীগৰাকী বাংলাদেশী হোৱাৰ তথ্য প্ৰদান কৰে ANI সহ বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীয়ে।

অঞ্জু ঘোষ চিনেমাৰ পৰ্দাত এক পৰিচিত চেহেৰা, তেওঁ ১৯৮৪চনৰ পৰা ২০০০চনলৈ ভাৰতীয় আৰু বাংলাদেশৰ চিনেমাজগতৰ হৈ বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছে।

মই বংগত জন্ম আৰু বাঙালী চিনেমা উদ্যোগৰ লগতে বাংলাদেশৰ চিনেমাত কাম কৰিছো। মোৰ এখন ভাৰতীয় পাৰপত্ৰ আৰু ভোটাৰ আইডি কাৰ্ড আছে। মই এইবাৰৰ নিৰ্বাচনত ভোটাধিকাৰো সাব্যস্ত কৰিছো। এয়া দুখঃজনক যে মানুহে মোৰ নাগৰিকত্বক লৈ সন্দেহ প্ৰকাশ কৰি আছে।


অঞ্জু ঘোষে লগতে কয়, তেওঁৰ পিতৃ–মাতৃৰ বিয়োগৰ পিছত কলকাতাৰ ছল্ট লেক এলেকাত বিগত তিনি দশক ধৰি বসবাস কৰিছে আছে।

মই বিজেপিত যোগদান কৰা কাৰণ হৈছে মই মানুহৰ সেৱা কৰিব বিচাৰো। মই শংকিত হৈ পৰিছো, মানুহে মোৰ নাগৰিকত্বক লৈ কিয় প্ৰশ্ন কৰিছে?

বুধবাৰে ঘোষৰ হাতত দলীয় পতাকা আৰু সদস্য কাৰ্ড তুলি ধৰিছিল দিলীপ ঘোষে।

উল্লেখযোগ্য যে অঞ্জু ঘোষে অভিনয় কৰা ১৯৮৯ চনৰ বাংলা চিনেমা ‘বেদেৰ মেয়ে জ্যোৎস্না’ আছিল বাংলাদেশৰ চিনেমা ইতিহাসৰ সৰ্ববৃহৎ হিট চিনেমা।

তেওঁ চন্দন দীপেৰ ৰাজ কন্যা, বেদেনিৰ প্ৰেম, গাৰিয়াল ভাই, কুমাৰী মা, ৰাজাৰ মেয়ে পাৰুল, গৰীবৰ সংসাৰ আদি চিনেমাত অভিনয় কৰিছে।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত দুগৰাকী বাংলাদেশী তাৰকা নিয়োগ কৰাক লৈ বিতৰ্কত সোমাই পৰিছিল ৰাজ্যখনৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছ। ফিৰদৌছ আহমেদ আৰু গাজী নুৰৰ দ্বাৰা মমতা বেনাৰ্জীৰ দলে প্ৰচাৰ চলোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে পশ্চিমবংগ বিজেপিয়ে নিৰ্বাচন আয়োগক আপত্তি দাখিল কৰাৰ পিছতে গৃহ মন্ত্ৰালয়ে দেশ ত্যাগ কৰাৰ নিৰ্দেশ দিছিল বাংলাদেশী তাৰকা ফিৰদৌছক। গৃহ মন্ত্ৰালয়ে ফিৰদৌছৰ ব্যৱসায়িক ভিজা বাতিল কৰাৰ লগতে তেওঁক ব্লেক লিষ্টেড কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি