অক্সফ’ৰ্ডৰ ভেকচিনৰ ট্রায়েল বন্ধ হোৱাৰ পিছত এতিয়া উজলিছে ভাৰতৰ ভেকচিন, জন্তুৰ ট্ৰায়েলত সফলতা লাভ কৰিলে কোভাক্সিনে

News18 Assam | News18-Assam
Updated:September 12, 2020, 12:18 PM IST
অক্সফ’ৰ্ডৰ ভেকচিনৰ ট্রায়েল বন্ধ হোৱাৰ পিছত এতিয়া উজলিছে ভাৰতৰ ভেকচিন, জন্তুৰ ট্ৰায়েলত সফলতা লাভ কৰিলে কোভাক্সিনে
কিছুদিন পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে দাবী কৰিছিল যে, ভাৰত বায়’টেকৰ কোৰোণা ভেকচিন ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। অৰ্থাত্‍ জানুৱাৰীৰ পৰা বজাৰত উপলব্ধ হ’ব।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে দাবী কৰিছিল যে, ভাৰত বায়’টেকৰ কোৰোণা ভেকচিন ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। অৰ্থাত্‍ জানুৱাৰীৰ পৰা বজাৰত উপলব্ধ হ’ব।

  • News18 Assam
  • Last Updated: September 12, 2020, 12:18 PM IST
  • Share this:
অক্সফ’ৰ্ডৰ কোৰোণাক ভেকচিনৰ পৰীক্ষণ বন্ধ কৰাৰ পিছতে এতিয়া সমগ্ৰ বিশ্বৰ বাবে আশাৰ ৰেঙণি দেখুৱাইছে ভাৰতৰ ভেকচিনে। কোভাক্সিন নিৰ্মাতা সংস্থা ভাৰত বায়’টেকে জনাইছে যে, পশুৰ ওপৰত ট্ৰাইল সফলতাৰে সম্পন্ন হৈছে কোভাক্সিনৰ। সংস্থাৰ তৰফৰ পৰা জনোৱা মতে, স্তন্যপায়ী জন্তুৰ দেহত কোভাক্সিনে সুফল লাভ কৰাত মানুহৰ শৰীৰতো ভেকচিনে কাম কৰিব বুলি অনুমান কৰিব পাৰি। এই ভেকচিনে গঢ়ি তুলিব শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা।

উল্লেখযোগ্য যে, অক্সফোৰ্ডৰ ভেকচিনৰ কাম ভালকৈ চলিলেও হঠাৎ ব্ৰিটেইনত কোৰোণা ভেকচিনৰ পৰীক্ষাত দেখা দিছিল বিপত্তিয়ে। AstraZeneca–ৰ ভেকচিন লোৱাৰ পিছত হঠাৎ অসুস্থ হৈ পৰিছিল এজন ব্যক্তি। এই কাৰণত সাময়িক ভাৱে স্থগিত কৰি দিয়া হৈছিল  ভেকচিনৰ ট্ৰায়েল।

অক্সফ’ৰ্ড ইউনিভাৰ্চিটিৰ সৈতে AstraZeneca–ই কোৰোণাৰ ভেকচিন প্ৰস্তুত কৰিবলৈ কাম কৰিছে। সংস্থাৰ মুখপাত্ৰই জনোৱা মতে, সদ্যহতে ৰেণ্ডম টেষ্টৰ জৰিয়তে কোৰোণা ভাইৰাছৰ ভেকচিনৰ পৰীক্ষা চলিছিল। কিন্তু বৰ্তমান সেয়া বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।সংবাদ মাধ্যমৰ ফালৰ পৰা ইয়াৰ কাৰণে সোধাত তেওঁ জনায়, এই ভেকচিন গ্ৰহণ কৰাৰ পিছত হঠাৎ এজন ব্যক্তি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। শুদ্ধ তদন্তৰ খাতিৰতে বৰ্তমান সেয়ে ট্ৰায়েল বন্ধ কৰা হৈছে।

অক্সফ’ৰ্ডৰ ভেকচিনৰ ট্ৰায়েল বন্ধ হ’ল যদিও ভাৰতৰ কোৰোণা ভেকচিন কোভাক্সিনে স্তন্যপায়ী জন্তুৰ শৰীৰত সফলতা লাভ কৰাৰ পিছত এতিয়া মানৱ দেহত পৰীক্ষণৰ কাম আৰম্ভ কৰিব। আৰু ইয়াৰ পিছতে চূড়ান্ত সিদ্ধান্তু উপনীত হ’ব পাৰিব। কিছুদিন পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে দাবী কৰিছিল যে, ভাৰত বায়’টেকৰ কোৰোণা ভেকচিন ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। অৰ্থাত্‍ জানুৱাৰীৰ পৰা বজাৰত উপলব্ধ হ’ব এই ভেকচিন।
Published by: Himangshu Bhuyan
First published: September 12, 2020, 12:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading