• Home
  • »
  • News
  • »
  • nation
  • »
  • বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল বিহাৰৰ অনিল আগৰৱালাৰ

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল বিহাৰৰ অনিল আগৰৱালাৰ

অনিল আগৰৱালা ভাৰতৰ কোটিপতি উদ্যোগপতিসকলৰ ভিতৰত অতি চৰ্চিত হৈ পৰিছে। বিশেষ কথাটো হ’ল এইজন উদ্যোগপতি ঔদ্যোগিকভাৱে পিছপৰা ৰাজ্য বিহাৰৰ পৰা আহিছে।

অনিল আগৰৱালা ভাৰতৰ কোটিপতি উদ্যোগপতিসকলৰ ভিতৰত অতি চৰ্চিত হৈ পৰিছে। বিশেষ কথাটো হ’ল এইজন উদ্যোগপতি ঔদ্যোগিকভাৱে পিছপৰা ৰাজ্য বিহাৰৰ পৰা আহিছে।

অনিল আগৰৱালা ভাৰতৰ কোটিপতি উদ্যোগপতিসকলৰ ভিতৰত অতি চৰ্চিত হৈ পৰিছে। বিশেষ কথাটো হ’ল এইজন উদ্যোগপতি ঔদ্যোগিকভাৱে পিছপৰা ৰাজ্য বিহাৰৰ পৰা আহিছে।

  • Share this:
পাটনাৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা বিহাৰৰ অনিল আগৰৱালাৰ নাম দেশৰ ১০০ জন ধনী লোকৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। বিশ্ববিখ্যাত আলোচনী ফৰ্বছে তেওঁৰ সম্পত্তি ২.৫ বিলিয়ন বুলি ঘোষণা কৰিছে। ফৰ্বছৰ তথ্য অনুসৰি, ভাৰতৰ আটাইতকৈ ধনী লোকৰ ভিতৰত অনিল আগৰৱালা ৯৭ স্থানত থকাৰ বিপৰীতে বিশ্বৰ ভিতৰতে ৭২৮ সংখ্যক স্থানত আছে। এনে সময়তে আকৌ এবাৰ বিহাৰৰ অনিল আগৰৱালাৰ বিষয়ে চৰ্চা তীব্ৰতৰ হৈ পৰিছে।

অনিল আগৰৱালা ভাৰতৰ কোটিপতি উদ্যোগপতিসকলৰ ভিতৰত অতি চৰ্চিত হৈ পৰিছে। বিশেষ কথাটো হ’ল এইজন উদ্যোগপতি ঔদ্যোগিকভাৱে পিছপৰা ৰাজ্য বিহাৰৰ পৰা আহিছে। এই ডাঙৰ উদ্যোগপতিজনে পাটনাৰ চৰকাৰী বিদ্যালয় মিলাৰ হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। এতিয়া তেওঁলোকৰ ব্যৱসায় কেৱল ভাৰততে নহয় পৃথিৱীৰ আন দেশতো সম্প্ৰসাৰিত হৈছে।

বেদান্ত ৰিচ’ৰ্চ লিমিটেডৰ অধ্যক্ষ অনিল আগৰৱালে প্ৰতিটো শুভ কামৰ পূৰ্বে দৈ আৰু চেনি খাই আহিছে। আজিও বিহাৰ আৰু উত্তৰ প্ৰদেশৰ সকলো ঘৰতে দৈ খাই যিকোনো কাম আৰম্ভ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ফেচবুক আৰু টুইটাৰত সক্ৰিয় অনিল আগৰৱালাই শেহতীয়াকৈ এখন ছবি শ্বেয়াৰ কৰি কয় যে তেওঁ নিশ্চিতভাৱে যিকোনো ডাঙৰ কামৰ পূৰ্বে দৈ আৰু চেনি খায়। এয়াই তেওঁৰ ভাগ্য আৰু পুৰণি নিয়ম। তেওঁ কয় যে মোৰ শৈশৱতে এই কথাটো মায়ে মোক শিকাইছিল। তেওঁ লিখিছে, "মোৰ বাবে ই কেৱল পৰম্পৰা নহয়, মাতৃৰ আশীৰ্বাদো।"

অনিল আগৰৱালাই শৈশৱ পাটনাত পাৰ কৰে

নিজৰ টুইটাৰ একাউণ্টত আন এটা পোষ্ট শ্বেয়াৰ কৰাৰ সময়তে অনিল আগৰৱালাই লিখিছে, "যিকোনো কামক কেতিয়াও তুচ্ছজ্ঞান নকৰিব।" উল্লেখযোগ্য যে, অনিল আগৰৱালা বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ অনুৰাগী। জীৱনৰ ৭৫ বছৰ সম্পূৰ্ণ কৰা অনিল আগৰৱালাই শৈশৱ কটাইছিল বিহাৰৰ ৰাজধানী পাটনাত। বৰ্তমান অনিল আগৰৱালা লণ্ডনত থাকে। তেওঁৰ নাগৰিকত্ব ভাৰতৰ। তেওঁৰ জন্ম হৈছিল পাটনাত। তেওঁ পাটনাৰ মিলাৰ হাইস্কুলত অধ্যয়ন কৰিছিল। অনিল আগৰৱালাৰ পিতৃ দ্বাৰকা প্ৰসাদ আগৰৱালা আছিল এলুমিনিয়াম কণ্ডাক্টৰৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী। আৰম্ভণিতে অনিল আগৰৱালাইও পিতৃৰ ব্যৱসায়ত সহায় কৰিছিল। যৌৱনত ভৰি দিয়াৰ লগে লগে তেওঁ নতুন সম্ভাৱনাৰ সন্ধানত মুম্বাইলৈ গৈছিল।

মুম্বাইত আৰম্ভ কৰিলে ধাতুৰ স্ক্ৰেপৰ ব্যৱসায়

অনিল আগৰৱালাই মুম্বাইলৈ গৈ মেটাল স্ক্ৰেপৰ ব্যৱসায় আৰম্ভ কৰিলে। এই ব্যৱসায়ৰ জৰিয়তে তেওঁ আগবাঢ়ি গৈ থাকিল আৰু নতুন নতুন কোম্পানী অধিগ্ৰহণ কৰিলে। এতিয়া তেওঁলোকৰ ব্যৱসায় ভাৰতৰ বাহিৰৰ বহু দেশলৈ সম্প্ৰসাৰিত হৈছে। অনিল আগৰৱালে তেওঁৰ প্ৰডাকচন প্ৰজেক্টৰ বাবেই শেহতীয়া সময়ত লাইমলাইটলৈ আহিছিল। তেওঁৰ কোম্পানীয়ে ২০ বিলিয়ন ডলাৰ ব্যয় কৰি গুজৰাটত ছেমি কণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক ডিছপ্লে উৎপাদন আৰম্ভ কৰিবলৈ ওলাইছে। অনিল আগৰৱালাৰ সাফল্য কেৱল প্ৰতিজন বিহাৰীৰ বাবেই নহয় সমগ্ৰ ভাৰতবাসীৰ বাবে গৌৰৱৰ বিষয়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি