Crime: দ্বিতীয়বাৰো কন্যা সন্তান, খঙতে দুই কন্যাসহ মাতৃক কুঁৱাত পেলাই দিলে স্বামীয়ে! মৃত্যু ৮ বছৰীয়া কন্যাৰ

News18 Assam | News18-Assam
Updated:June 7, 2021, 8:03 PM IST
Crime: দ্বিতীয়বাৰো কন্যা সন্তান, খঙতে দুই কন্যাসহ মাতৃক কুঁৱাত পেলাই দিলে স্বামীয়ে! মৃত্যু ৮ বছৰীয়া কন্যাৰ
প্ৰতীকী ফটো

অভিযুক্ত লোকজনৰ নাম ৰাজা ভায়া যাদৱ। তেওঁৰ পত্নীয়ে আৰক্ষীক জনাইছে, দ্বিতীয়বাৰ কন্যা সন্তান জন্ম হোৱাক লৈ কিছুদিন ধৰি অশান্তি চলিছিল তেওঁলোকৰ মাজত।

  • Share this:
৪২ বছৰীয়া এজন লোকৰ বিৰুদ্ধে পত্নীসহ দুই কন্যাক কুঁৱাত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ ফলত ৮ বছৰীয়া কন্যা সন্তানৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দেওবাৰে ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ ছত্তৰপুৰত। তিনি মাহ পূৰ্বে পত্নীয়ে দ্বিতীয়বাৰলৈ এটি কন্যা সন্তান জন্ম দিছিল। দেওবাৰে সন্তানক লৈ স্বামীৰ সৈতে ঘৰলৈ আহিছিল পত্নী। সেই সময়তে মাজ পথত পান্না জিলাৰ সমীপত বাইক ৰখাই দুই কন্যাসহ পত্নীক এটা কুঁৱাত পেলাই দিয়ে স্বামীয়ে।

আৰক্ষীৰ সূত্ৰ মতে, পাদোই গাঁৱৰ সমীপত সংঘটিত হৈছে এই ঘটনা। চাঁদলা আৰক্ষী থানাৰ উপ–পৰিদৰ্শক ৰাজেন্দ্ৰ সিঙে কয়, ‘‘লোকজনে পত্নী আৰু দুই কন্যাক কুঁৱাত পেলাই দিয়ে। তাৰ পিছত ওপৰৰ পৰা শিল পেলাবলৈ আৰম্ভ কৰে যাতে কোনোৱে পানীৰ পৰা উঠিব নোৱাৰে। ফলত ৮ বছৰীয়া কন্যাৰ মৃত্যু হয়। চিৎকাৰ শুনি গাঁওবাসী আহি মহিলাগৰাকীৰ লগতে তিনি মহীয়া সন্তানক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অভিযুক্ত লোকজনৰ নাম ৰাজা ভায়া যাদৱ। তেওঁৰ পত্নীয়ে আৰক্ষীক জনাইছে, দ্বিতীয়বাৰ কন্যা সন্তান জন্ম হোৱাক লৈ কিছুদিন ধৰি অশান্তি চলিছিল তেওঁলোকৰ মাজত। প্ৰাণে মৰাৰো ভাবুকি দিছিল পত্নীক। কিন্তু এনেকুৱা এক কাণ্ড কৰিব বুলি মহিলাগৰাকীয়ে সপোনতো ভৱা নাছিল।

আৰক্ষীয়ে অভিযুক্ত লোকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে। তেওঁৰ বিৰুদ্ধে হত্যা আৰু হত্যাৰ চেষ্টা দুয়োটা ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ঘটনাৰ পিছৰে পলাতক হৈ আছে অভিযুক্ত লোকজন।
Published by: Sanjay Kumar Das
First published: June 7, 2021, 8:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি