মুজফৰপুৰত নিৰ্বাচনী সভাত ভোট বিচাৰিবলৈ গৈ বিপদত পৰিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ। নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ১০ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
ইয়াৰ বিপৰীতে তেতিয়াৰ বিৰোধী আৰু বৰ্তমানৰ সহযোগী তেজস্বী যাদৱে ২০ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দুয়ো একলগ হোৱাৰ পিছতো নিবনুৱাৰ সংস্থাপনৰ দিশত চৰকাৰে কোনো পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰিছে বিহাৰৰ শিক্ষিত নিবনুৱা।
বিগত ২৯দিনে CTET উত্তীৰ্ণ হাজাৰ হাজাৰ নিবনুৱাই আন্দোলনৰ কাৰ্যসূচী চলাই যোৱাৰ পিছতো বিহাৰ চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। চৰকাৰত অংশগ্ৰহণ কৰাৰ পূৰ্বে বিহাৰৰ প্ৰধান বিৰোধী দলৰ ভূমিকা পালন কৰা আৰ জে ডিৰ নেতা তথা বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও CTET উৰ্ত্তীণ প্ৰাৰ্থীসকলৰ লগত আন্দোলনত চামিল হৈছিল।
পিছে লংকালৈ গ'লে ৰামো ৰাৱণ হোৱাৰ দৰে বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও এইসকল নিবনুৱাৰ দাবীক আওকাণ কৰিবলৈ ল'লে। সেয়ে শুক্ৰবাৰে মুজফ্ফৰবাদৰ নিৰ্বাচনী সভাত ভাগ লোৱা মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেজস্বী যাদৱক লগ কৰিবলৈ গৈছিল CTET উৰ্ত্তীণ প্ৰাৰ্থীসকল। কিন্তু তেওঁলোকক সভাৰ পৰা ওলোটাই পুলিচে খেদি পঠোৱাৰহে চেষ্টা কৰিলে। ইয়াৰ পিছতে ক্ষুব্ধ প্ৰাৰ্থীসকলে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱলৈ লক্ষ্য কৰি চকী দলিয়ায়। অৱশ্যে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে ক্ষুব্ধ যুৱকসকলক লাঠীচালনা কৰি খেদি পঠিয়ায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|