প্ৰথমে বিবাহ, তাৰ পিছতে লুটপাত! এবাৰ দুবাৰ নহয় মুঠ ৬বাৰ
প্ৰথমে বিবাহ, তাৰ পিছতে লুটপাত! এবাৰ দুবাৰ নহয় মুঠ ৬বাৰ। অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ জালত পৰিছে এগৰাকী মহিলা। ৬জনকৈ যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ আটাইকেইজনৰে ধন সম্পত্তিৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ চোৰ কৰি পলায়ন কৰিছিল মহিলাগৰাকীয়ে।
সমগ্ৰ ঘটনাটো পোহৰলৈ আনে ভুমিৰেড্ডী ৰামকৃষ্ণ ৰেড্ডী নামৰ এগৰাকী ব্যক্তিয়ে। মহিলাগৰাকীয়ে প্ৰথমে প্ৰমৰ জালত পেলাই লোকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। পিছত লোকজনৰ বহু মূল্যবান সামগ্ৰী চোৰ কৰি পলাই যায়। পিছত ৰামকৃষ্ণ ৰেড্ডীয়ে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰাৰ পিছত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে স্বীকাৰ কৰে যে, মুঠ ৬জন লোকক তেনেদৰে বিবাহৰ নামত প্ৰতাৰণা কৰিছিল মহিলাগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|