অন্ধ্ৰপ্ৰদেশত বিজেপি দল শাসনলৈ আহিলে ৫০ টকাত যোগান ধৰা হ'ব সুৰাৰ কোৱাৰ্টাৰ। মঙলবাৰে এই কথা জনাই ৰাজ্যখনৰ বিজেপিৰ সভাপতি বীৰৰাজুৱে।
বিজেপিৰ এখন জনসভাত ভাষণ প্ৰদান কৰি বীৰৰাজুৱে কয় যে, ৰাজ্য চৰকাৰে বেছি দামত নিম্ন কোৱালিটীৰ সুৰা যোগান ধৰিছে। বহু ভুৱা ব্ৰেণ্ডৰ সুৰা বজাৰত ভৰি পৰিছে। কিন্তু বজাৰত উপলব্ধ নহয় সকলোৱে চিনিপোৱা আৰু জনপ্ৰিয় সুৰাৰ ব্ৰেণ্ড।
বিজেপিৰ ৰাজ্যিক সভাপতিজনে লগতে কয় যে, 'ৰাজ্যখনৰ প্ৰতিগৰাকী লোকে মাহে ১২০০০ টকা সুৰাত খৰচ কৰে। ৰাজ্যখনৰ প্ৰায় এক কোটি লোকে সুৰা সেৱন কৰে। আৰু সেই সুৰা সেৱন কৰা ১ কোটি লোকে ২০২৪ত বিজেপিক ভোট দিব লাগে।'
বীৰৰাজুৰ ঘোষণা- যদি ২০২৪ত বিজেপি শাসনলৈ আহে তেন্তে কোৱালিটীৰ সুৰা ৭৫ টকাত যোগাদন ধৰিব। যদি ৰাজহ মজবুত হয় তেন্তে প্ৰতিটো কাৱাৰ্টাৰ বটল ৫০ টকাত যোগান ধৰিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 29, 2021, 15:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।