অন্ধ্ৰ প্ৰদেশ (Andhra Pradesh)ৰ কোনাসীমা জিলা (Konaseema district)ৰ নাম সলনিক লৈ হোৱা প্ৰতিবাদৰ মাজতে আজি প্ৰতিবাদকাৰীয়ে বিধায়ক পোননাডা সতীশ (Ponnada Satish)ৰ ঘৰত অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীসকলে জিলাখনক ডাঃ বি আৰ আম্বেদকাৰ কোনাসীমা জিলা (B R Ambedkar Konaseema district) হিচাপে নামকৰণৰ বিৰোধিতা কৰি সমগ্ৰ জিলাখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
উত্তেজিত প্ৰতিবাদকাৰীয়ে ৰাজ্যিক মন্ত্ৰী পি বিশ্বৰূপৰ বাসগৃহতো আক্ৰমণ কৰি ভাঙি-ছিঙি সা-সম্পত্তি লণ্ড-ভণ্ড কৰে। আৰক্ষীয়ে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে মন্ত্রীজনৰ পৰিয়ালৰ লোকক আঘাত নোপোৱাকৈ পলায়ন কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূৰ্বে শাসকীয় ৱাই এছ আৰ কংগ্ৰেছৰ বিধায়ক পোন্নাদা সতীশৰ ঘৰতো কোনাসীমা জিলাত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল।
মঙলবাৰে কোনাসীমা জিলাখনৰ বি আৰ আম্বেদকাৰ কোনাসীমা জিলা হিচাপে নামকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰত প্ৰতিবাদ কৰি থকা লোকসকলৰ ওপৰত আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ পিছতে অমলাপুৰম চহৰ (Amalapuram town)ত ১৪৪ ধাৰা জাৰি কৰা হয়। হিংসাত্মক কাণ্ডৰ সময়ত ভিৰটোৱে শিলগুটি নিক্ষেপ কৰাৰ ফলত ২০ জনতকৈ অধিক আৰক্ষী জোৱান আহত হৈছে। আৰক্ষীৰ এখন বাহন আৰু এখন শিক্ষানুষ্ঠানৰ বাছত অগ্নিকাণ্ড।
৪ এপ্ৰিলত পূৰ্বৰ পূব গোদাবৰী (East Godavari)ৰ পৰা নতুন কোনাসীমা জিলাখন গঠন কৰা হয়। যোৱা সপ্তাহত ৱাই এছ জগন মোহন ৰেড্ডী (YS Jagan Mohan Reddy) নেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ চৰকাৰে কোনাসীমাৰ নাম সলনি কৰি বি আৰ আম্বেদকাৰ কোনাসীমা জিলা হিচাপে গঢ়ি তুলিবলৈ প্ৰাৰম্ভিক অধিসূচনা জাৰি কৰিছিল।
এই পটভূমিতে কোনাসীমা সাধনা সমিতিয়ে জিলাখনৰ নাম সলনি কৰাৰ প্ৰস্তাৱত আপত্তি কৰি কোনাসীমা (Konaseema) নামটো সলনি নকৰিবলৈ দাবী জনাইছিল। আজি সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা উপায়ুক্ত হিমাংশু শুক্লাক নাম সলনি কৰাৰ বিৰুদ্ধে স্মাৰক পত্ৰ দাখিল কৰিছে।
Published by: Manjumoni Borah
First published: May 25, 2022, 00:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|