মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»দুই সন্তানক নিজ হাতেৰে বলি দিলে মাতৃয়ে, হত্যাকাৰী মাতৃৰ দাবী – তেওঁ শিৱ, তেঁৱেই জন্ম দিছে কোৰোণাৰ

দুই সন্তানক নিজ হাতেৰে বলি দিলে মাতৃয়ে, হত্যাকাৰী মাতৃৰ দাবী – তেওঁ শিৱ, তেঁৱেই জন্ম দিছে কোৰোণাৰ

News18 Assam | News18-Assam
Updated:January 27, 2021, 4:19 PM IST
দুই সন্তানক নিজ হাতেৰে বলি দিলে মাতৃয়ে, হত্যাকাৰী মাতৃৰ দাবী – তেওঁ শিৱ, তেঁৱেই জন্ম দিছে কোৰোণাৰ
২৪ জানুৱাৰীত চিতোৰৰ মদনপল্লিৰ বাসিন্দা পদ্মজা আৰু পুৰুষোত্তমে তেওঁলোকৰ দুই সন্তানক হত্যা কৰে।

২৪ জানুৱাৰীত চিতোৰৰ মদনপল্লিৰ বাসিন্দা পদ্মজা আৰু পুৰুষোত্তমে তেওঁলোকৰ দুই সন্তানক হত্যা কৰে।

  • Share this:
দুই সন্তানক নিজ হাতেৰে বলি দিলে মাতৃয়ে। সংগ দিলে পিতৃয়ে। এই গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ চিতোৰত। ঘটনা ইমানতে শেষ নহয়, এয়া আৰম্ভণিহে।

গ্ৰেপ্তাৰৰ পিছত বাধ্যতামূলকভাৱে পদ্মজা নামৰ মহিলাগৰাকীৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। মহিলাগৰাকীয়ে কোৰোণা পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰে। ক’লে – তেৱেঁই স্বয়ং শিৱ, তেৱেঁই জন্ম দিছে কোৰোণাৰ। তেওঁ আৰু কয় – মোৰ কোৰোণা পৰীক্ষাৰ কোনো প্ৰয়োজন নাই। বহু বুজনিৰ পিছত শেষত কোৰোণা পৰীক্ষা কৰা হয়।

২৪ জানুৱাৰীত চিতোৰৰ মদনপল্লিৰ বাসিন্দা পদ্মজা আৰু পুৰুষোত্তমে তেওঁলোকৰ দুই সন্তানক হত্যা কৰে। দুই কন্যাৰ বয়স আছিল ২৭ আৰু ২২ বছৰ। অঞ্চলবাসীজে জনোৱা অনুসৰি, লকডাউনত এই দম্পতীৰ আচৰণ আছিল অসংলগ্ন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকে কয়, কলিযুগৰ শেষ আৰু সত্যযুগৰ আৰম্ভ হ’ব ইয়াৰ পিছতে। তেওঁলোকে আৰু দাবী কৰে যে তেওঁলোকৰ সন্তান জীৱিত হৈ উঠিব শীঘ্ৰে।
Published by: Sanjay Kumar Das
First published: January 27, 2021, 4:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি