মুখ্যপৃষ্ঠা »খবৰ »দেশ »ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অনন্ত আম্বানী, ৰাজস্থানত ‘ৰোকা’ অনুষ্ঠান

ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অনন্ত আম্বানী, ৰাজস্থানত ‘ৰোকা’ অনুষ্ঠান

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট

অনন্ত আৰু ৰাধিকাই ইজনে সিজনক চিনি পোৱা কেইবছৰমান হ’ল আৰু আজিৰ অনুষ্ঠানৰ পৰা আগন্তুক মাহত তেওঁলোকৰ বিবাহৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ হয়।

  • Share this:
আজি ৰাজস্থানৰ নাথদ্বাৰাস্থিত শ্ৰীনাথজী মন্দিৰত শৈলা আৰু বীৰেণ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্ট আৰু নীতা আৰু মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ ‘ৰোকা’ (এংগেজমেণ্ট) অনুষ্ঠানটো পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত অনুষ্ঠিত হয়। এই যুৱ দম্পতীয়ে তেওঁলোকৰ মিলনৰ বাবে ভগৱান শ্ৰীনাথজীৰ আশীৰ্বাদ বিচাৰি মন্দিৰত দিনটো কটায় আৰু মন্দিৰত পৰম্পৰাগত ৰাজ-ভোগ-শ্ৰিংগাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। পিছত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে একেলগে উদযাপন কৰিব আনন্দ উৎসৱ।

অনন্ত আৰু ৰাধিকাই ইজনে সিজনক চিনি পোৱা কেইবছৰমান হ’ল আৰু আজিৰ অনুষ্ঠানৰ পৰা আগন্তুক মাহত তেওঁলোকৰ বিবাহৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ হয়। দুয়ো পৰিয়ালে ৰাধিকা আৰু অনন্তৰ বাবে সকলোৰে আশীৰ্বাদ আৰু শুভকামনা বিচাৰিছে।

অনন্তই আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা পঢ়া-শুনা সমাপ্ত কৰি তাৰ পিছত ৰিলায়েন্স উদ্যোগত জিঅ’ প্লেটফৰ্ম আৰু ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ ব’ৰ্ডৰ সদস্য হিচাপেও বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। বৰ্তমান তেওঁ আৰ আই এলৰ শক্তি ব্যৱসায়ৰ নেতৃত্ব দিয়ে। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ৰাধিকা এনকোৰ হেল্থকেয়াৰ ব’ৰ্ডৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

শেহতীয়া বাতৰি