শীঘ্ৰে আম্বানী পৰিয়ালৰ বোৱাৰী হ’ব ৰাধিকা মাৰ্চেণ্ট। আজি ৰাজস্থানৰ নাথদ্বাৰাস্থিত শ্ৰীনাথজী মন্দিৰত শৈলা আৰু বীৰেণ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্ট আৰু নীতা আৰু মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ ‘ৰোকা’ অৰ্থাৎ এংগেজমেণ্ট অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকে দুয়োটা পৰিয়ালৰ লগতে বন্ধু-বান্ধবীবৰ্গ।
সুখী দাম্পত্য জীৱনৰ কামনাৰে আজিৰ দিনটো নতুন দম্পতীয়ে শ্ৰীনাথজীৰ আশীৰ্বাদ বিচাৰি মন্দিৰত দিনটো কটায় আৰু মন্দিৰত পৰম্পৰাগত ৰাজ-ভোগ-শ্ৰিংগাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে অনন্ত আৰু ৰাধিকাৰ চিনাকি কিছু বছৰ পুৰণি। কিন্তু আজিৰ অনুষ্ঠানৰ পিছৰে পৰা এক নতুন যাত্ৰা আৰম্ভ কৰিলে দুয়ো।
অনন্তই আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা পঢ়া-শুনা সমাপ্ত কৰি তাৰ পিছত ৰিলায়েন্স উদ্যোগত জিঅ’ প্লেটফৰ্ম আৰু ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ ব’ৰ্ডৰ সদস্য হিচাপেও বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। বৰ্তমান তেওঁ আৰ আই এলৰ শক্তি ব্যৱসায়ৰ নেতৃত্ব দিয়ে। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ৰাধিকা এনকোৰ হেল্থকেয়াৰ ব’ৰ্ডৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 29, 2022, 23:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|