ল’ক ডাউনৰ সময়ত দুবেলা দুসাঁজৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে দিন হাজিৰা কৰা লোকসকল
ল’ক ডাউনৰ সময়ত দুবেলা দুসাঁজৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে দিন হাজিৰা কৰা লোকসকল
এতিয়া সমগ্ৰ দেশে যুঁজিছে কোৰোণা ভাইৰাছৰ বিৰুদ্ধে। কোৰোণাক প্ৰতিহত কৰিবলৈ দেশত এতিয়া ল’ক ডাউন। ল’ক ডাউনৰ ফলত সকলোৱে সামাজিক দুৰত্ব বজাই ৰাখিছে।এই সময়ত আটাইতকৈ ক্ষতিৰ সন্মুখীন হৈছে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকল।
১৯ মাৰ্চত কোৰোণা ভাইৰাছৰ প্ৰথমতো কেচ পোহৰলৈ অহাৰ পিছত চত্তিশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৌৰসভাই বিশেষ পদক্ষেপ হাতত লৈছে। তাৰ মাজতে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা সকলৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে প্ৰশাসনে। প্ৰশাসনৰ এই পদক্ষেপৰ আঁৰত আছে পৌৰ আয়ুক্ত সৌৰভ কুমাৰৰ বিশেষ ভুমিকা।
দৰিদ্ৰ জনলৈ খাদ্য যোগান ধৰা আঁতাৰ প্ৰথম প্ৰাথমিকতা-
এই সন্দৰ্ভত সৌৰভ কুমাৰে কয় যে, প্ৰব্ৰজিত শ্ৰমিক লোকসকলক খাদ্য যোগানৰ অন্তৰালত আছে বিশেষকৈ দুটা উদ্দেশ্য- প্ৰব্ৰজিত শ্ৰমিক সকলে ল’ক ডাউনৰ সময়ত ঘৰলৈ যাব নোৱাৰিলে। আৰু গতিকে এইসকলক খাদ্য যোগান ধৰাতো আমাৰ দায়িত্ব। আৰু দ্বিতীয়তে ৰায়পুৰৰ প্ৰথম কোভিড১৯ আক্ৰান্তজনৰ ট্ৰেভেল হিষ্ট্ৰী আছিল।গতিকে চহৰখনৰ লোকসকলে চলা-ফুৰা কৰিব পৰা নাছিল।
বৰ্তমান দেশত চলি থকা এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ৰায়পুৰত দৈনিক ১৭ হাজাৰ দিন হাজিৰা কৰা লোকক খাদ্য যোগান ধৰি থকা হৈছে। প্ৰতিসপ্তাহে যোগান ধৰা হৈছে, পাঁচ কেজি চাউল, এক কেজি দালি, আধা কিলো বেচন,এক লিটাৰ তেল, এটা চাবোন। কিছু কিছু ঠাইত গাখীৰো যোগান ধৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|