উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে Network18ৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে বিভিন্ন বিষয়ক লৈ এক সাক্ষাৎকাৰত মিলিত হৈছে। এই সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী আদিত্যনাথে বিগত ছয় বছৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত উত্তৰ প্ৰদেশৰ উন্নয়ন, GDP, জনমূৰি উপাৰ্জনৰ ক্ষেত্ৰত দুগুণ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে, উত্তৰ প্ৰদেশ ১ ট্ৰিলিয়ন ডলাৰ ( প্ৰায় ৮০ লাখ কোটি) অৰ্থনীতিত পৰিণত কৰাৰ প্ৰধানমন্ত্ৰীৰ যি দৃষ্টিভংগী আছে সেইটোৰ বাবে সংস্কাৰ কৰা হৈছে।
তেওঁ কয় যে, ‘‘বিশ্বব্যাপী বিনিয়োগকাৰী সন্মিলনত, আমি উত্তৰ প্ৰদেশৰ GDPতকৈ অধিক বিনিয়োগ আনিম।’’ লগতে তেওঁ ভাৰতৰ অৰ্থনীতিক ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিত পৰিণত কৰাৰ বাবে উত্তৰ প্ৰদেশ নিজৰ ভূমিকা পালন কৰিব বুলি জনায়।
উত্তৰ প্ৰদেশৰ বিকাশৰ হাৰ ১৩ৰ পৰা ১৪%ৰ ভিতৰত থকাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ‘‘বিশ্বব্যাপী বৰ্তমান মন্দাবস্তা থকাৰ সময়তো যদি আমি চাও তেন্তে দেশ ১ শতাংশ বিকাশৰ হাৰত আছে।’’
‘‘উত্তৰ প্ৰদেশত উৰ্বৰ ভূমি আছে। দেশৰ ১১ শতাংশ কৃষি ভূমিৰ প্ৰায় ২০ শতাংশতকৈও অধিক খাজ্য উৎপাদন উত্তৰ প্ৰদেশে কৰে। কৃষিৰ বিকাশ, এক্সপ্ৰেছৱে ঘাইপথ নেটৱৰ্ক বৃদ্ধিয়ে উত্তৰ প্ৰদেশৰ অৰ্থনীতি বৃদ্ধি কৰিব।’’
Published by: Sehnaz Begum
FIRST PUBLISHED : February 05, 2023, 20:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|