AN-32 বিমান দুৰ্ঘটনাত আটাইকেইজনৰে মৃত্যু, বায়ুসেনাই খবৰ দিলে পৰিয়ালক
News18-Assam Updated:June 13, 2019, 2:07 PM IST

এই সন্দৰ্ভত IAF দলে তেওঁলোকৰ পৰিয়ালবৰ্গকো জনায়।
এই সন্দৰ্ভত IAF দলে তেওঁলোকৰ পৰিয়ালবৰ্গকো জনায়।
- News18 Assam
- Last Updated: June 13, 2019, 2:07 PM IST
৩ জুনত যোৰহাটত সন্ধানহীন হৈছিল বায়ুসেনাৰ বিমানখন। উৰণৰ ৫ মিনিট পিছতে সন্ধানহীন হৈছিল বিমানখন। দুপৰীয়া ১২.২৫ বজাত যাত্ৰা কৰিছিল বিমানখন আৰু ১ বজাত অন্তিমবাৰৰ পৰা যোগাযোগ হৈছিল। বিমানখনত ৮জন ক্ৰিউ, ৫ যাত্ৰীসহ ১৩জন লোক আছিল। অৰুণাচলৰ মেছুকাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডলৈ গৈছিল বিমানখন।
#Update on #An32 crash: Eight members of the rescue team have reached the crash site today morning. IAF is sad to inform that there are no survivors from the crash of An32.
— Indian Air Force (@IAF_MCC) June 13, 2019
১২ হাজাৰ ফুট তলত পৰি আছিল ধ্বংসাৱশেষ
অৰুণাচলপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা সেই এলেকাৰ মানচিত্ৰ মুকলি কৰা হৈছিল, য’ত AN-32 বিমানৰ ধ্বংসাৱশেষ পোৱা গৈছিল। ১২ হাজাৰ ফুট তলত পৰি আছিল ধ্বংসাৱশেষ।