অৰুণাচলত সন্ধানহীন হোৱা বিমানত যাত্ৰা কৰা ১৩ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

এতিয়া হেলিকপ্টাৰেৰে দুৰ্ঘটনাস্থালীৰ পৰা মৃতদেহ অনাৰ প্ৰস্তুতি চলাইছে উদ্ধাৰকাৰী দলে

news18assam
Updated:June 13, 2019, 7:10 PM IST
অৰুণাচলত সন্ধানহীন হোৱা বিমানত যাত্ৰা কৰা ১৩ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ
এতিয়া হেলিকপ্টাৰেৰে দুৰ্ঘটনাস্থালীৰ পৰা মৃতদেহ অনাৰ প্ৰস্তুতি চলাইছে উদ্ধাৰকাৰী দলে
news18assam
Updated: June 13, 2019, 7:10 PM IST
অৱশেষত অৰুণাচলৰ মেচুকাত সন্ধানহীন হোৱা বায়ু সেনাৰ বিমানৰ পৰা ১৩গৰাকীকৈ যাত্ৰীৰ মৃতদেহ  উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলে। লগতে বিমানখনৰ পৰা উদ্ধাৰকাৰী দলে আজি উদ্ধাৰ কৰে বিমানখনৰ অৱশিষ্ট। এতিয়া হেলিকপ্টাৰেৰে দুৰ্ঘটনাস্থালীৰ পৰা মৃতদেহ অনাৰ প্ৰস্তুতি চলাইছে উদ্ধাৰকাৰী দলে। উল্লেখযোগ্য যে ইষ্ট চিয়াং জিলাৰ লাইপু অঞ্চলৰ পৰা ১৬ কিলোমিটাৰ নিলগৰ উত্তৰ দিশত  উদ্ধাৰ হয় বিমান খনৰ ধ্বংসাৱশেষ।

ভাৰতীয় বায়ু সেনাৰ  AN-32  বিমানখন অৰুণাচল প্ৰদেশত নিখোঁজ হোৱা দিন ধৰি উদ্ধাৰ অভিযান চলাই থকা হৈছিল। অৱশেষত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১৩ গৰাকীকৈ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰে অভিযানকাৰী দলে।
আৰু চাওক পৰৱৰ্তী বাতৰি