AN32 বিমান দুৰ্ঘটনাঃ ১৩ গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

ফাইল ফটো
৩ জুনত অসমৰ যোৰহাটৰ পৰা উৰণৰ পিছত অৰুণাচল প্ৰদেশত সন্ধানহীন হৈছিল। এই বিমানখনত ৮ গৰাকী ক্ৰু’ মেম্বাৰসহ ১৩ গৰাকী যাত্ৰী আছিল। আজি অৰ্থাৎ বৃহস্পতিবাৰে আটাইকেইজনৰে মৃতদেহ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা মৃতদেহকেইটাৰ ভিতৰত ৭টা মৃতদেহ ক্ষত–বিক্ষত অৱস্থাত উদ্ধাৰ হয়।
- News18 Assam
- Last Updated: June 20, 2019, 12:42 PM IST

AN32 বিমানখন অসমৰ যোৰহাটৰ পৰা ৩ জুনত অৰুণাচল প্ৰদেশৰ ছিয়মী জিলাৰ মেচুকা এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডলৈ উৰা মাৰিছিল। কিন্তু উৰণৰ ৩৫ মিনিটৰ ভিতৰত সংযোগ ব্যাহত হৈছিল বিমানখনৰ সৈতে। ১৩ জুনত ভাৰতীয় বায়ুসেনাই কৈছিল যে AN32 বিমানখনৰ আটাইকেইজন যাত্ৰী নিহত হৈছে।