এক আমোদজনক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ গড়ৱাত। এটা ঘোঁৰাৰ চাৰিজন মালিক ওলোৱাত যথেষ্ট সমস্যাৰ সৃষ্টি হয়। চাৰিওজনে ঘোঁৰাটো তেওঁলোকৰ বুলি দাবী কৰে। ঘোঁৰাটোৰ প্ৰকৃত মালিক বিচাৰিবলৈ বীৰবলৰ বুদ্ধি প্ৰয়োগ কৰিবলগীয়া হ’ল। এই সমস্যাৰ সমাধান বিচাৰিবলৈ পঞ্চায়ত আহ্বান কৰা হয় আৰু পঞ্চায়তৰ উপস্থিতিত ঘোঁৰাটোৱে নিজৰ মালিকক বিচাৰি লয়।
প্ৰকৃততে, গড়ৱা জিলাৰ দণ্ডাই খণ্ডৰ চুৱৰজংঘা গাঁৱৰ বাসিন্দা মংগল ভূঞাই দুমাহ আগত হাবিত এটা ঘোঁৰা বিচাৰি পাইছিল। ঘোঁৰাটো কৰবাৰ পৰা ৰাস্তা হেৰুৱাই হাবিলৈ আহিছিল। মংগলে ঘোঁৰাটো ধৰি ঘৰলৈ লৈ আহিছিল। কিন্তু তেওঁ গাঁওবাসীক ঘোঁৰাটো কিনি অনা বুলি কৈছিল। গাঁওবাসীয়েও তেওঁৰ কথাটো বিশ্বাস কৰিছিল। মংগলে ঘোঁৰাটোক তুফান নাম দিছিল আৰু ঘোঁৰাটোৰ ভালদৰে যত্ন লবলৈ আৰম্ভ কৰিলে।
এই ঘটনাৰ কেইদিনমান পিছত, দুজন লোক চুৱৰজংঘা গাঁওখনত উপস্থিত হৈছিল। অমানত আনচাৰী আৰু সদিক আনচাৰী বুলি পৰিচয় দিয়া ব্যক্তি দুজনে ঘোঁৰাটো তেওঁলোকৰ বুলি দাবী কৰে। তেওঁলোকে নিজকে ঘোঁৰা ব্যৱসায়ী বুলি পৰিচয় দি কয় যে তেওঁলোক ঘোঁৰা ব্যৱসায়ী আৰু তেওঁলোকে গম পাইছিল যে তেওঁলোকৰ এটা ঘোঁৰা গাঁওখনলৈ আহিছে। মংগলে ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু তেওঁলোকক বান্ধি থয়। এই হুলস্থুলৰ সময়ত, ওচৰৰ পাচৌৰ গাঁৱৰ আন এজন ব্যক্তিয়ে ঘোঁৰাটো তেওঁৰ বুলি দাবী কৰি তাত উপস্থিত হয়। ব্যক্তিজনে তেওঁৰ নাম প্ৰহ্লাদ চাৱ বুলি পৰিচয় দিয়াৰ লগতে ঘোঁৰাৰ প্ৰকৃত মালিক বুলি দাবী কৰে।
এটা সময়ত পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰে। যেতিয়া এটা ঘোঁৰাৰ চাৰিজনকৈ মালিক ওলায়। এই বিষয়ে বিতৰ্ক আৰম্ভ হোৱাত গাওঁৰ মুৰব্বী অজয় সিঙক ঘটনাস্থলীলৈ মাতি পঠিওৱা হয়। মুৰব্বীজনে বিবাদৰ সমাধান কৰিবলৈ পঞ্চায়ত আহ্বান কৰে। পঞ্চায়তে ঘোঁৰাটো চাৰিওজনৰ পৰা দূৰৈত বান্ধি থৈছিল আৰু চাৰিজনক ঘোঁৰাটোৰ ওচৰলৈ পঠিওৱা হয়। অৱশেষত ঘোঁৰাটোৱে পাচৌৰ গাঁৱৰ প্ৰহ্লাদৰ গাত লাগিবলৈ ধৰিলে। পঞ্চায়তে ঘোঁৰাৰ আচৰণ দেখি প্ৰকৃত মালিকৰ আৱিষ্কাৰ কৰে আৰু ঘোঁৰাটো প্ৰহ্লাদক গতাই দিয়ে। বিচাৰৰ শেষত মিছা কথা কোৱা বাবে মংগলক গালি–শপনি পৰাৰ লগতে ব্যৱসায়ী দুজনক আগলৈ অনে ভুল নকৰিবলৈ সতৰ্ক কৰি পঠিয়াই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।