• Home
  • »
  • News
  • »
  • nation
  • »
  • Amit Shah: কোভিড মহামাৰী সমাপ্ত হোৱাৰ পিছতেই CAA কাৰ্যকৰী কৰা হ'ব; TMCয়ে উৰাবাতৰি বিয়পাই থকা বুলি অভিযোগ অমিত শ্বাহৰ

Amit Shah: কোভিড মহামাৰী সমাপ্ত হোৱাৰ পিছতেই CAA কাৰ্যকৰী কৰা হ'ব; TMCয়ে উৰাবাতৰি বিয়পাই থকা বুলি অভিযোগ অমিত শ্বাহৰ

File Photo

File Photo

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) বৃহস্পতিবাৰে কয় যে কৰোনাভাইৰাছ মহামাৰী (coronavirus pandemic) শেষ হোৱাৰ পিছতে নাগৰিকত্ব সংশোধনী আইন (Citizenship Amendment Act) কাৰ্যকৰী কৰা হ'ব৷

  • Share this:
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) বৃহস্পতিবাৰে কয় যে কৰোনাভাইৰাছ মহামাৰী (coronavirus pandemic) শেষ হোৱাৰ পিছতে নাগৰিকত্ব সংশোধনী আইন (Citizenship Amendment Act) কাৰ্যকৰী কৰা হ'ব৷ "মই স্পষ্ট কৰি দিব বিচাৰোঁ যে TMC (Trinamool Congress)য়ে CAA কাৰ্যকৰী নহ'ব বুলি উৰাবাতৰি বিয়পাই আছে৷ মই আপোনালোকক কওঁ যে কোভিড-19 (Covid-19 ) মহামাৰী সমাপ্ত হোৱাৰ পিছত, CAA কাৰ্যকৰী কৰা হ'ব।" অমিত শ্বাহে এইদৰে কয়।

শ্বাহে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণৰ বাবে ৰাজ্যখনত উপস্থিত হৈছিল - ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত এইয়া তেওঁৰ প্ৰথম। ৰাজ্যখনত বৰ্ধিত ৰাজনৈতিক হিংসাৰ বাবে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Bengal CM Mamata Banerjee )লৈ আঙুলি টোৱাই গৃহমন্ত্ৰীয়ে অভিযোগ কৰে যে মমতাই " বাংগাল কো কংগাল" (Bangal ko kangal) কৰিছে।

নিৰ্বাচনোত্তৰ হিংসাৰ বাবে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি শ্বাহে দলীয় কৰ্মীসকলক ভয় নকৰিবলৈ কয় কিয়নো কোনেও বংগলৈ বিজেপিৰ যাত্ৰা বন্ধ কৰিব নোৱাৰে। তেওঁ টিএমচিৰ প্ৰতিনিধি দল বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰাৰ বাবে মমতাক সমালোচনা কৰি প্ৰশ্ন কৰে, "আপুনি বীৰভূম আৰু হংশখালীলৈ কিয় এটাও প্ৰতিনিধি দল প্ৰেৰণ কৰা নাছিল?"
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি