
NEWS18 ৰ ষ্টুডিঅ’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
NEWS18 ৰ ষ্টুডিঅ’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
অসমীয়া জাতিৰ প্ৰতি ভাবুকি বুলি ক’ব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে উত্তাল প্ৰতিবাদ। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে সদনৰ মজিয়াত সমগ্ৰ দেশৰ লগতে অসমতো আকৌ NRC প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰাৰ পিছতে ৰাজ্যজুৰি বিয়য়টোৱে সৃষ্টি কৰিছে বিতৰ্কৰ। সেইসময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ নেতৃত্বই CAB ক সমৰ্থন কৰি অসমীয়াৰ প্ৰতিবাদী সত্তাক ভেঙুচালি কৰি অহা দেখিবলৈ পোৱা গৈছে।
NRC আৰু CAB ৰ সন্দৰ্ভত এইবাৰ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। News18 ৰ #AgendaJharkhand অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সমগ্ৰ দেশতেই আৰম্ভ কৰা হ’ব। যিহেতু অসম ভাৰতৰে অংগ ৰাজ্য, গতিকে অসমতো হ’ব NRC ৰ কাম। লগতে কোনো ধৰ্মৰ আধাৰত NRC ৰ কাম নহয় বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। যি বিদেশী, সেইসকলেহে NRC ৰ কাৰণে ভয় খোৱা উচিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শ্বাহে। লগতে সকলো বোৰ দিশ ভালদৰে চাই নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা হ’ব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|