অমিত শ্বাহে প্ৰিয়ংকাক দিলে উত্তৰ, ২৩ মে’ত গম পোৱা যাব কোন হয় দুৰ্যোধন, কোন অৰ্জুন

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে দাবী কৰিছে যে মোদীৰ সোঁত এতিয়াও বৈ আছে আৰু এইটো নিশ্চিত যে নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’ব

Dulu Medhi | news18assam
Updated:May 7, 2019, 6:29 PM IST
অমিত শ্বাহে প্ৰিয়ংকাক দিলে উত্তৰ, ২৩ মে’ত গম পোৱা যাব কোন হয় দুৰ্যোধন, কোন অৰ্জুন
ফাইল ফটো
Dulu Medhi | news18assam
Updated: May 7, 2019, 6:29 PM IST
কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ তুলনা দুৰ্যোধনৰ সৈতে কৰাৰ লগে লগে প্ৰত্যুত্তৰ দিলে বিজেপিয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে ক’লে যে, প্ৰিয়ংকা জী এয়া গণতন্ত্ৰ। কোন দুৰ্যোধন নহয়। ২৩ মে’ত সকলোৱে গম পাব কোন হয় দুৰ্যোধন আৰু কোন হয় অৰ্জুন।

শ্বাহে দাবী কৰিলে যে মোদীৰ ঢৌ এতিয়াও বৈ আছে আৰু আৰু এইটো নিশ্চিত যে নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’ব। অমিত শ্বাহে ক’লে যে দেশৰ চাৰিওদিশে উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ ফালৰ পৰা জনতাই নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী ৰূপত দেখা পোৱাৰ আহ্বান জনাইছে।



উল্লেখ্য যে, কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে নাম উচ্চাৰণ নকৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তুলনা দুৰ্যোধন সৈতে কৰিলে। প্ৰিয়ংকাই ক’লে যে এইখন দেশে অহংকাৰক কেতিয়াও ক্ষমা কৰা নাই। প্ৰিয়ংকাই ক’লে ‘তেওঁ নিজৰ অসফলতা ঢাকি ৰাখিবলৈ দেশক বিভ্ৰান্তি কৰিছে। এইখন দেশে কেতিয়াও অহংকাৰ আৰু হিংসাক ক্ষমা কৰা নাই। বুৰঞ্জী সাক্ষী হৈ আছে, মহাভাৰত ইয়াৰ সাক্ষী হৈ আছে। এনেকুৱা অহংকাৰ দুৰ্যোধনৰো আছিল।

ৰাজীৱ গান্ধীক কটাক্ষ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে
লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পিতৃ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ বিষয়ে কৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিলে যে ৰাজীৱ গান্ধীৰ জীৱন ১ নম্বৰ ভ্ৰষ্টাচাৰীতে সমাপ্ত হৈছিল। কেতিয়াবা শ্বহীদৰ নামত ভোটভিক্ষা কৰে, কেতিয়াবা আকৌ শ্বহীদৰ সদস্যক অপমান কৰে।’
আৰু চাওক পৰৱৰ্তী বাতৰি