মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»নিজ দেশত প্ৰতাৰিত হৈ ধৰ্ম ৰক্ষা কৰিবলৈ ভাৰতলৈ অহাসকল শৰণাৰ্থী, অনুপ্ৰৱেশকাৰী নহয় : অমিত শ্বাহ

নিজ দেশত প্ৰতাৰিত হৈ ধৰ্ম ৰক্ষা কৰিবলৈ ভাৰতলৈ অহাসকল শৰণাৰ্থী, অনুপ্ৰৱেশকাৰী নহয় : অমিত শ্বাহ

News18-Assam
Updated:October 17, 2019, 10:32 AM IST
নিজ দেশত প্ৰতাৰিত হৈ ধৰ্ম ৰক্ষা কৰিবলৈ ভাৰতলৈ অহাসকল শৰণাৰ্থী, অনুপ্ৰৱেশকাৰী নহয় : অমিত শ্বাহ
অসমত NRCক লৈ হোৱা খেলিমেলিক লৈ ৰাহুল যোশীয়ে কৰা প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয় – খেলিমেলিৰ কথা মই মানি লোৱা–নোলোৱাৰ প্ৰশ্ন নাহে, কাৰণ প্ৰক্ৰিয়াটো এতিয়াও চলি আছে।

অসমত NRCক লৈ হোৱা খেলিমেলিক লৈ ৰাহুল যোশীয়ে কৰা প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয় – খেলিমেলিৰ কথা মই মানি লোৱা–নোলোৱাৰ প্ৰশ্ন নাহে, কাৰণ প্ৰক্ৰিয়াটো এতিয়াও চলি আছে।

  • Share this:
২০২৪ৰ পূৰ্বে সমগ্ৰ দেশত কাৰ্যকৰী হ’ব NRC। News18ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। NRCৰ জৰিয়তে চিনাক্ত কৰা অবৈধ নাগৰিকসকল ক’লৈ যাব বুলি News18 Network গ্ৰুপৰ এডিটৰ–ইন–চীফ ৰাহুল যোশীয়ে কৰা প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয় যে ইয়াৰ আইনী প্ৰক্ৰিয়া আছে। আইনী প্ৰক্ৰিয়াৰ জৰিয়তে ব্যৱস্থা লোৱা হ’ব অবৈধ নাগৰিকৰ বিৰুদ্ধে।

অসমত NRCক লৈ হোৱা খেলিমেলিক লৈ ৰাহুল যোশীয়ে কৰা প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয় – খেলিমেলিৰ কথা মই মানি লোৱা–নোলোৱাৰ প্ৰশ্ন নাহে, কাৰণ প্ৰক্ৰিয়াটো এতিয়াও চলি আছে। এই প্ৰক্ৰিয়াক লৈ এতিয়াই মন্তব্য কৰাটো উচিত নহ’ব। প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই।

পশ্চিম বংগতো NRC অনা হ’ব বুলি মন্তব্য কৰে অমিত শ্বাহে। অমিত শ্বাহে কয় যে পশ্চিম বংগত এয়া নিৰ্বাচনী ইছ্যু আছিল। বিভিন্ন ইছ্যুৰ ভিতৰত এটা NRC বুলি কয় গৃহমন্ত্ৰীগৰাকীয়ে। ডিটেনশ্যন কেম্পক লৈ অমিত শ্বাহে কয় যে বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশ অনুসৰি এয়া হৈ আছে, প্ৰশাসনে নিজৰ কাম কৰি আছে।

অমিত শ্বাহে কয় যে আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘু লোকসকলক নাগৰিকত্ব দিয়া হ’ব। ইয়াৰ কাৰণ হ’ল যদি এই লোকসকল নিজ দেশত প্ৰতাৰিত হৈ নিজৰ ধৰ্ম ৰক্ষা কৰিবলৈ আহে, নিজৰ মাতৃ–ভগ্নী তথা সন্তানৰ সন্মান ৰক্ষাৰ বাবে ভাৰতলৈ আহে, তেন্তে তেওঁলোক শৰণাৰ্থী, অনুপ্ৰৱেশকাৰী নহয়। যদি কোনোবাই কৰ্তব্যৰ খাটিৰত আহে বা আইন–শৃংখলা নষ্ট কৰিবলৈ আহে তেন্তে তেওঁলোক অনুপ্ৰৱেশকাৰী। অমিত শ্বাহে কয় যে মুছলমানসকলৰ ওপৰত ধৰ্মীয় প্ৰতাৰণাৰ কোনো সম্ভাৱনাই নাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: October 17, 2019, 10:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি