এতিয়া দিল্লীৰ পৰা বৈষ্ণো দেৱীলৈ ৮ ঘণ্টাৰ বাট, আজি অমিত শ্বাহে শুভাৰম্ভ কৰিব বন্দে ভাৰত এক্সপ্ৰেছ

এই ৰে’লখনে নতুন দিল্লীৰ পৰা কাটৰা আৰু পুনৰ কাটৰাৰ পৰা নতুন দিল্লীৰ মাজত সপ্তাহত ৬ দিন চলিব।

News18-Assam
Updated:October 3, 2019, 9:50 AM IST
এতিয়া দিল্লীৰ পৰা বৈষ্ণো দেৱীলৈ ৮ ঘণ্টাৰ বাট, আজি অমিত শ্বাহে শুভাৰম্ভ কৰিব বন্দে ভাৰত এক্সপ্ৰেছ
Photo : moneycontrol.com
News18-Assam
Updated: October 3, 2019, 9:50 AM IST
বৈষ্ণো দেৱীৰ ভক্তসকলৰ বাবে ভাল খবৰ। এতিয়া ১২ ঘণ্টাৰ ঠাইত ৮ ঘণ্টাতে গৈ পাব কাটৰা। গৃহ মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লী–কাটৰা বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিব। এই ৰে’লখনে মাত্ৰ ৮ ঘণ্টাতে ৬৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতৰ আটাইতকৈ অত্যাধুনিক ৰে’ল আৰু প্ৰধানমন্ত্ৰী মোদীয়েও ১৫ আগষ্টত নিজৰ ভাষণত এই ৰে’লখনৰ কথা উল্লেখ কৰিছিল।

এই ৰে’লখনে নতুন দিল্লীৰ পৰা কাটৰা আৰু পুনৰ কাটৰাৰ পৰা নতুন দিল্লীৰ মাজত সপ্তাহত ৬ দিন চলিব। মঙলবাৰত বাদে সপ্তাহৰ বাকী আটাইকেইটা দিনতে চলিব এই ৰে’লখন।

বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লখনৰ সৰ্বাধিক গতিবেগ নতুন দিল্লীৰ পৰা লুধিয়ানাৰ মাজত ১৩০ কিলোমিটাৰ হ’ব। ৰে’লখন নতুন দিল্লীৰ পৰা পুৱা ৬ বজাত ৰাওনা হ’ব আৰু দুপৰীয়া ২ বজাত বৈষ্ণো দেৱী কাটৰা ষ্টেচনত উপস্থিত হ’ব। কাটৰাৰ পৰা বিয়লি ৩ বজাত ৰাওনা হ’ব ৰে’লখন আৰু নিশা ১১ বজাত পাব নতুন দিল্লী। নতুন দিল্লী আৰু কাটৰাৰ মাজত ৰে’লখন আম্বালা কেণ্ট, লুধিয়ানা আৰু জম্মুতৱীত ৰখোৱা হ’ব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 
আৰু চাওক পৰৱৰ্তী বাতৰি