‘CAAক লৈ বিৰোধীয়ে উত্তৰ পূৱত জুই লগাইছে, আমি খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰিম’

News18 Assam | News18-Assam
Updated:December 14, 2019, 5:09 PM IST
‘CAAক লৈ বিৰোধীয়ে উত্তৰ পূৱত জুই লগাইছে, আমি খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰিম’
ঝাৰখণ্ড নিৰ্বাচনৰ প্ৰচাৰ চলাই উত্তৰ পূৱৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গিৰিডিহৰ জনসভাত ৰাইজক সম্বোধন কৰি অমিত শ্বাহে বিৰোধী কংগ্ৰেছক সমালোচনা কৰোতে উল্লেখ কৰে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগ। 

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ অসম তথা উত্তৰ পূৱ অগ্নিগৰ্ভা হৈ থকাৰ সময়তে নিৰ্বাচনী প্ৰচাৰত এই সমগ্ৰ পৰিস্থিতিক কাৰণে বিৰোধীক জগৰীয়া কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। শণিবাৰে গিৰিডিহৰ এক জনসভাত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয় চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলায়। এই জনসভাত কংগ্ৰেছ আৰু জেএমএমক কঠোৰ আক্ৰমণ কৰে অমিত শ্বাহে। অমিত শ্বাহে কয়, বিৰোধীয়ে উত্তৰ পূৱত জুই জ্বলাব বিচাৰি আছে। মই অসম আৰু উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ ভাতৃ–ভগ্নীসকলক ক’ব বিচাৰো যে তেওঁলোকৰ ভাষা, সংস্কৃতি, সামাজিক পৰিচয় আৰু ৰাজনৈতিক অধিকাৰ অক্ষুণ্ণ হৈ থাকিব।

আৰু চাওক
পৰৱৰ্তী বাতৰি