মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»সহযোগিতাৰ মাধ্যমেৰে বিশ্বক দেখুৱাম বিকাশৰ ৰোডমেপ- National Cooperative Conferenceত ভাগ লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ

সহযোগিতাৰ মাধ্যমেৰে বিশ্বক দেখুৱাম বিকাশৰ ৰোডমেপ- National Cooperative Conferenceত ভাগ লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ

News18 Assam | News18-Assam
Updated:September 25, 2021, 4:04 PM IST
সহযোগিতাৰ মাধ্যমেৰে বিশ্বক দেখুৱাম বিকাশৰ ৰোডমেপ- National Cooperative Conferenceত ভাগ লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ
দেশৰ প্ৰথম খন National Cooperative Conferenceক সম্বোধন কৰি অমিত শ্বাহে কয় যে, এতিয়া হেমাহি কৰি থকাৰ সময় শেষ হ'ল। আৰম্ভ হৈছে কাম কৰাৰ সময়।

দেশৰ প্ৰথম খন National Cooperative Conferenceক সম্বোধন কৰি অমিত শ্বাহে কয় যে, এতিয়া হেমাহি কৰি থকাৰ সময় শেষ হ'ল। আৰম্ভ হৈছে কাম কৰাৰ সময়।

  • News18 Assam
  • Last Updated: September 25, 2021, 4:04 PM IST
  • Share this:
কেন্দ্ৰীয় গৃহ আৰু কোৰ্পৰেশ্যন মন্ত্ৰী অমিত শ্বাহে শনিবাৰে দেশ প্ৰথমখন National Cooperative Conferenceত ভাগ লয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ মাধ্যমেৰে দেশক বিকাশৰ দিশক বিকাশৰ দিশত আগবঢ়াই নিয়াৰ লগতে দেশৰ অৰ্থব্যৱস্থা ৫ ট্ৰিলিয়ন ডলাৰ কৰাৰ বাবে সকলোকে জোৰ দিবলৈ আহ্বান জনায়।

অমিত শ্বাহে নতুন কোৰ্পৰেশ্যন নীতি প্ৰৱৰ্তন কৰাৰ ইংগিত দিয়ে। তেওঁ কয় যে সমবায় আন্দোলন আজি অধিক প্ৰাসংগিতক হৈ পৰিছে। আৰু চৰকাৰী সংস্থাসমূহে দেশৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

উল্লেখ্য যে, ২০২১ চনৰ কেন্দ্ৰীয় বাজেটৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কোৰ্পৰেশ্যন মন্ত্ৰণালয় গঠনৰ ঘোষণা কৰিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এই নতুন মন্ত্ৰণালয়ৰ অতিৰিক্ত দায়িত্বভাৰ দিয়া হৈছিল। অমিত শ্বাহে সন্মিলনত ভাগ লৈ কয় যে, 'মই গৰ্বিত যে, মই কোৰ্পৰেশ্যন মন্ত্ৰণালয়ৰ প্ৰথমগৰাকী মন্ত্ৰী। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছো। তেওঁ মোক সুযোগ দিছে। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আৰু এনে সময়ত যেতিয়া সমবায় আন্দোলন আটাইতকৈ প্ৰয়োজন আছিল, সেই সময়তে প্ৰধানমন্ত্ৰীয়ে স্বতন্ত্ৰ কোৰ্পৰেশ্যন মন্ত্ৰণালয় গঠন কৰে।'

ভাষণত কি ক'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে?

  • কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, সমবায় ক্ষেত্ৰৰ সৈতে দেশৰ ৩৬ লাখ কোটি পৰিয়াল জড়িত হৈ আছে। এই সমবায় দুখীয়া আৰু পিছপৰা লোকৰ বিকাশৰ বাবে। সমবায় ভাৰতৰ সংস্কাৰৰ বাবে। সকলোকে লগত লৈ আগবাঢ়িব লাগিব।

  • প্ৰথম অৱস্থাত আমূলৰ সৈতে ৮০ কৃষক জড়িত হৈ আছিল। ডাঙৰ ডাঙ কৰ্পৰেটিভে কৰিব নোৱাৰা কাম আমূলে কৰি দেখুৱালে। আজি ৩৬ লাখ কৃষক আমূলৰ সৈতে জড়িত। আমূল আৰু লিজ্জতৰ সফলতাত দেশৰ মহিলাৰো অৱদান আছে।


  • আজি দেশৰ প্ৰায় ৯০ শতাংশ গাঁৱত সৰু ডাঙৰ সমবায়ে কাম কৰি আছে। বিশ্বত এনে কোনো দেশ নাই, য'ত ৯১ শতাংশ গাঁৱত সমবায় আছে। কোৰ্পৰেশ্যন মন্ত্ৰণালয়ে সমবায় ব্যৱস্থাক অধিক গতিশীল কৰি তুলিব। আধুনিক কৰিব।

  • প্ৰধানমন্ত্ৰী মোদীয়ে যি সমবায় মন্ত্ৰণালয় প্ৰতিষ্ঠা কৰিছে, ইয়াৰ উদ্দেশ্য গৈছে, বিকাশক গাঁৱলৈ লৈ যোৱা।

Published by: Himangshu Bhuyan
First published: September 25, 2021, 3:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি