• Home
  • »
  • News
  • »
  • nation
  • »
  • Amit Shah Interview With ANI : ''উচ্চতম ন্যায়ালয়ে মানি লৈছে গোধ্ৰা ৰে’ল কাণ্ডৰ পিছত সংঘটিত সংঘৰ্ষ পূৰ্ব পৰিকল্পিত নহয়, স্ব-অনুপ্ৰাণিত আছিল''- গৃহমন্ত্ৰী অমিত শ্বাহ

Amit Shah Interview With ANI : ''উচ্চতম ন্যায়ালয়ে মানি লৈছে গোধ্ৰা ৰে’ল কাণ্ডৰ পিছত সংঘটিত সংঘৰ্ষ পূৰ্ব পৰিকল্পিত নহয়, স্ব-অনুপ্ৰাণিত আছিল''- গৃহমন্ত্ৰী অমিত শ্বাহ

২৪ জুনত ২০০২ চনৰ গুজৰাট দাংগা গোচৰত জাকিয়া জাফ্ৰিৰ আৱেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে।

২৪ জুনত ২০০২ চনৰ গুজৰাট দাংগা গোচৰত জাকিয়া জাফ্ৰিৰ আৱেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে।

২৪ জুনত ২০০২ চনৰ গুজৰাট দাংগা গোচৰত জাকিয়া জাফ্ৰিৰ আৱেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে।

  • Share this:
২০০২ চনৰ গুজৰাট সংঘৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পিছৰ প্ৰথমটো সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union home minister Amit Shah) কয় যে আদালতে এইটো স্পষ্ট কৰি দিছে যে ৰেল জ্বলোৱা কাণ্ড (গোধৰাত) পূৰ্ব পৰিকল্পিত নাছিল, বৰঞ্চ স্ব-অনুপ্রাণিত আছিল। সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক বাৰ্তালাপত অমিত শ্বাহে দাবী কৰি কয় যে আদালতে এজন আৰক্ষী বিষয়া, এজন বেচৰকাৰী সংস্থাৰ লগতে একাংশ ৰাজনৈতিক উপাদানৰ নাম উল্লেখ কৰিছে আৰু তেওঁলোকে মিছা কথা বিয়পাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বুলি কয়। দাংগা ৰোধ কৰিবলৈ চৰকাৰে সকলো প্ৰচেষ্টা চলাইছিল বুলি আদালতে স্পষ্ট কৰি দিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সাক্ষাৎকাৰত (interview with news agency ANI) লগতে কয় যে ''এছ আই টিৰ নিৰ্দেশ আদালতৰ নাছিল। এটা এন জি অ’ই এছ আই টিৰ দাবী জনাইছিল। আদালতে আমাৰ অধিবক্তাক কেৱল সুধিছিলহে। উকীলে কৈছিল যে মই নিৰ্দেশনা ল’ব লাগিব। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত আকৌ আদালত বহিল। আমাৰ চৰকাৰে কৈছিল যে আমাৰ একো লুকুৱাবলৈ একো নাই, SIT গঠন কৰক, ইয়াত কোনো আপত্তি নাই। এয়া আছিল এক সন্মত সিদ্ধান্ত, অৰ্থাৎ গুজৰাট চৰকাৰৰ অভিলেখত সন্মতি আছিল। আদালতে ৰায়দানত লিখিছে যে এন জি অ’টোৰ দাবী আছিল আৰু গুজৰাট চৰকাৰে এই দাবীত সন্মতি দিছিল।'' অমিত শ্বাহে কয়- ''আমি আদালতত এছ আই টিৰ প্ৰয়োজনীয়তাক লৈ যুক্তি দিব পাৰিলোঁহেঁতেন, কিন্তু কিয় দিওঁ, যেতিয়া আমি একো লুকুৱাব নাই, তেতিয়া আমি কিয় প্ৰতিবাদ কৰিম?''

এ এন আইৰ মতে, গৃহমন্ত্ৰী অমিত শ্বাহে আৰু কয় যে যেতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায় আহিছে, তেতিয়া সকলো স্পষ্ট হৈ পৰিছে। সাক্ষাৎকাৰটোত শ্বাহে কয়- ''আদালতত এজন আৰক্ষী বিষয়াৰ নাম উল্লেখ কৰা হৈছে, এটা এন জি অ’ৰ নাম উল্লেখ কৰা হৈছে আৰু একাংশ ৰাজনৈতিক উপাদানৰ নাম উল্লেখ কৰা হৈছে। বিচাৰত স্পষ্ট হৈ পৰিছে যে এই তিনিটা দিশৰ পৰা একেলগে মিছা কথা বিয়পাই এক অনুভূতিৰ সৃষ্টি কৰা হয়। মিছা কথাৰ প্ৰচাৰ কৰা হয় আৰু মিছা প্ৰমাণ ৰচনা কৰা হৈছিল।"

সাক্ষাৎকাৰটোত অমিত শ্বাহে লগতে কয় যে এছ আই টিক যি উত্তৰ লিখোৱা হৈছিল, এয়া আছিল ভুৱা উত্তৰ। এছ আই টিয়েও পিছত আদালতৰ সন্মুখত এইবোৰ ভুৱা উত্তৰ বুলিও দাখিল কৰে, কিয়নো তেওঁলোকেও জানিছিল যে এয়া মিছা। গৃহমন্ত্ৰী শ্বাহে লগতে কয়- ''আজি আদালতে স্পষ্ট কৰি দিলে যে চৰকাৰে দাংগা ৰোধ (2002 Gujarat riots case) কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে। আদালতে সিদ্ধান্ত গ্ৰহণ কৰে যে মুখ্যমন্ত্ৰীয়ে শান্তিৰ বাবে বাৰে বাৰে আবেদন জনাই আহিছে। ৰে’ল জ্বলোৱা কাণ্ডৰ পিছত যি দাংগা সংঘটিত হৈছিল, সেইবোৰ সুপৰিকল্পিত নহয়, স্ব-অনুপ্ৰেৰিত বুলিও ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰে।''

উল্লেখ্য যে ২৪ জুনত ২০০২ চনৰ গুজৰাট দাংগা গোচৰত জাকিয়া জাফ্ৰিৰ আৱেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। ইয়াত তেওঁ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ৬৪জন লোকক এছ আই টিয়ে দিয়া ক্লীনচিটক প্ৰত্যাহ্বান জনায়। এছ আই টিৰ ক্ল'জাৰ ৰিপ'ৰ্টৰ বিৰুদ্ধে জাকিয়া জাফ্ৰিৰ আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে দণ্ডাধীশৰ নিৰ্দেশ বাহাল ৰাখে।
Published by:Gautam Barman
First published: