• Home
  • »
  • News
  • »
  • nation
  • »
  • কংগ্ৰেছে কেতিয়াও সন্ত্ৰাসবাদী আক্ৰমণক কিয় গৰিহণা দিয়া নাছিল ? গৃহমন্ত্ৰী অমিত শ্বাহৰ সমালোচনা

কংগ্ৰেছে কেতিয়াও সন্ত্ৰাসবাদী আক্ৰমণক কিয় গৰিহণা দিয়া নাছিল ? গৃহমন্ত্ৰী অমিত শ্বাহৰ সমালোচনা

File Photo

File Photo

গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে কংগ্ৰেছ শাসনত থাকোতে প্ৰায়ে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় সৈন্যক হত্যা কৰিছিল, কিন্তু তেতিয়াৰ শাসকীয় দলে কেতিয়াও "ভোট বেংক" ৰাজনীতিৰ বাবে ইয়াক গৰিহণা দিয়া নাছিল।

  • Share this:

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ সপক্ষে ভাৱনগৰ জিলাৰ তালজা চহৰত এখন নিৰ্বাচনী জনসভাত ভাষণ দি তেওঁ কয়, "আজি ২৬/১১ ৰ আক্ৰমণৰ বাৰ্ষিকী। ২০০৮ চনৰ আজিৰ দিনটোতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে মুম্বাইত ১৬৪ জন লোকক হত্যা কৰিছিল। কংগ্ৰেছৰ শাসনকালত এনে ধৰণৰ আক্ৰমণ সঘনাই সংঘটিত হৈছিল, কিন্তু আজিৰ সময়ত, ২৬/১১ ৰ দৰে সন্ত্ৰাসবাদী আক্ৰমণ হোৱাটো সম্ভৱ নহয়, কিয়নো নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী।

অমিত শ্বাহে কয়,"ছোনিয়া গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ১০ বছৰ শাসনত আছিল। তেওঁৰ শাসনকালত, পাকিস্তানী সন্ত্ৰাসবাদীয়ে প্ৰায়ে ভাৰতত প্ৰৱেশ কৰিছিল আৰু আমাৰ সৈনিকসকলক হত্যা কৰিছিল আৰু শিৰচ্ছেদ কৰিছিল। ইয়াৰ স্বত্ত্বেও, কংগ্ৰেছে একো কোৱা নাছিল, কিয়? ইয়াৰ কাৰণ হৈছে ভোট বেংক। মই আশা কৰোঁ আপুনি জানে যে কংগ্ৰেছৰ ভোট বেংক কোন?"
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি