তুমুল বিতৰ্কৰ মাজত লোকসভাত উত্থাপন হ’ল বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিধেয়কখন উত্থাপন কৰি কয় যে,
![]()
বিধেয়কখন 0.001 শতাংশও সংখ্যালঘূৰ বিৰোধী নহয়। সংবিধানৰ এটাও অনুচ্ছেদ উলংঘা কৰা নাই বিধেয়কখনে।
অসম তথা উত্তৰ পূৱত তীব্ৰ প্ৰতিবাদৰ সূত্ৰপাত কৰোৱা বিতৰ্কিত বিধেয়কখনক লৈ সংসদত কেন্দ্ৰক উভতি ধৰে সাংসদ গৌৰৱ গগৈ, সাংসদ আছাদুদ্দিন অৱেইচি, সাংসদ সৌগত ৰয় সহ বিৰোধীৰ নেতাসকলে। গৌৰৱ গগৈয়ে অসম চুক্তিৰ পৰিপন্থী আখ্যা দিয়ে বিধেয়কখনক আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহত হিটলাৰৰ সৈতে ৰিজাই অৱেইচিয়ে। টিএমচি সাংসদ সৌগত ৰয়ে ভাৰতীয় প্ৰমূল্যৰ ওপৰত কেবে কুঠাৰাঘাত কৰাৰ যুক্তি দিয়ে।
ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কেবক সংখ্যালঘূক লক্ষ্য কৰি অনা বিধেয়ক আখ্যা দিছিল কেবক।
বিধেয়কখন উত্থাপন কৰিবলৈ ধ্বনি ভোটৰ সহায়, বিধেয়কৰ সপক্ষে ২৯৩টা ভোট আৰু বিপক্ষে ৮২টা ভোট।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|