প্ৰথমে নাগৰিকত্ব সংশোধনী বিধেয়ক। তাৰ পিছতে হ'ব NRC উন্নীতকৰণ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এদিন পূৰ্বে সোমবাৰে পশ্চিম বংগত এই ঘোষণা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথাও পুনৰবাৰ দোহাৰে বিজেপি সভাপতিগৰাকীয়ে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে অসমৰ আৰ্হিত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কথাও ক'লে অমিত শ্বাহে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি প্ৰথমে চুবুৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘু শৰণাৰ্থীসকলক আশ্ৰয় দিব বিজেপিয়ে। হিন্দু, বৌদ্ধ, শিখ আদি ধৰ্মৰ সকলো শৰণাৰ্থীৰ আশ্ৰয় সুনিশ্চিত কৰাৰ পিছতে সমগ্ৰ দেশত প্ৰযোজ্য হোৱাকৈ NRC উন্নীত কৰি দেশৰ পৰা বিতাড়ন কৰিব সকলো অনুপ্ৰৱেশকাৰীক।
বুলিও নিৰ্বাচনী সভাত মন্তব্য শ্বাহৰ। বংগৰ ছিণ্ডিকেটৰাজ উৎখাত কৰি লাখ লাখ অনুপ্ৰৱেশকাৰীক খেদি পঠোৱাৰ হুংকাৰ অমিত শ্বাহৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 22, 2019, 19:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।