ভাৰতত আপোনাৰ–মোৰ যিমান অধিকাৰ আছে, পাকিস্তানৰ পৰা অহা শৰণাৰ্থীৰো সিমানেই আছে : অমিত শ্বাহ

News18 Assam | News18-Assam
Updated:January 12, 2020, 6:16 PM IST
ভাৰতত আপোনাৰ–মোৰ যিমান অধিকাৰ আছে, পাকিস্তানৰ পৰা অহা শৰণাৰ্থীৰো সিমানেই আছে : অমিত শ্বাহ
Photo : Hindustan Times

অমিত শ্বাহে কয় যে কংগ্ৰেছ দলে ধৰ্মৰ আধাৰত দেশক ভাগ ভাগ কৰিলে। ভাগ ভাগ কৰাৰ সময়ত পূব আৰু পশ্চিম পাকিস্তানৰ পৰা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান ভাৰতলৈ আহিবলগীয়া আছিল, কিন্তু সেই সময়ত পৰিস্থিতি সঠিক নাছিল বাবে তেওঁলোক তাতেই থাকি গ’ল।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ কৰি অমিত শ্বাহে কয় যে কংগ্ৰেছ দলে ধৰ্মৰ আধাৰত দেশক ভাগ ভাগ কৰিলে। ভাগ ভাগ কৰাৰ সময়ত পূব আৰু পশ্চিম পাকিস্তানৰ পৰা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান ভাৰতলৈ আহিবলগীয়া আছিল, কিন্তু সেই সময়ত পৰিস্থিতি সঠিক নাছিল বাবে তেওঁলোক তাতেই থাকি গ’ল। যেতিয়া দেশ ভাগ ভাগ হৈছিল তেতিয়া পাকিস্তানত ৩১ শতাংশ হিন্দু আছিল, এতিয়া ৩ৰ পৰা ৭ শতাংশ আছেগৈ। ভাৰতত আপোনাৰ–মোৰ যিমান অধিকাৰ আছে, সিমানেই অধিকাৰ আছে পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, জৈন, পাৰ্চী শৰণাৰ্থীৰো। মধ্য প্ৰদেশৰ জবলপুৰত এই মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: January 12, 2020, 6:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি