‘CAAকলৈ থকা ভ্ৰান্ত ধাৰণা দূৰ হোৱাৰ পিছতে দেশত আৰম্ভ হ’ব NRCৰ কাম, CAAকলৈ উচতনি দিয়া সকলক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰা হ’ব’

News18 Assam | News18-Assam
Updated:June 2, 2020, 12:56 AM IST
‘CAAকলৈ থকা ভ্ৰান্ত ধাৰণা দূৰ হোৱাৰ পিছতে দেশত আৰম্ভ হ’ব NRCৰ কাম, CAAকলৈ উচতনি দিয়া সকলক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰা হ’ব’
নেটৱৰ্ক18ৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাত্‍কাৰ

নেটৱৰ্ক18ৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাত্‍কাৰ

  • Share this:
দেশৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত নেটৱৰ্ক18ৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাত্‍কাৰ। সাক্ষাত্‍কাৰত দেশৰ শেহতীয়া পৰিস্থিতিৰ লগতে দেশৰ বহু কেইটা গুৰুত্বপূৰ্ণ ইছ্যুৰ সন্দৰ্ভত মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ‘নাগৰিকত্ব সংশোধনী আইন’এক অন্যতম সফলতা বুলি দাবী কৰে অমিত শ্বাহে। অমিত শ্বাহে কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্ব কাঢ়ি লোৱা হ’ব বুলি জনতাক ভয় দেখুওৱা হ’ল। সেইসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱা হ’ব। দিল্লীত যিসকল লোকে উচতনি দিলে, সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।’

ইফালে দেশত নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰাৰ প্ৰসংগত কৰা প্ৰশ্নত অমিত শ্বাহে কয় যে, ‘মই সংবাদমেলতে কৈছো যে, দেশত NRCৰ কাম আৰম্ভ কৰা হ’ব। এতিয়া প্ৰথমে আমি দেশবাসীৰ মনৰ পৰা CAAকলৈ থকা ভ্ৰান্ত ধাৰণা দূৰ কৰিম আৰু তাৰ পিছত NRCৰ কাম আৰম্ভ কৰিম।’
First published: June 1, 2020, 9:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading