‘মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেই হ’ব লাগিব, থাকৰেৰ প্ৰস্তাৱ কেতিয়াও মানিব নোৱাৰো’

News18-Assam
Updated:November 13, 2019, 8:40 PM IST
‘মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেই হ’ব লাগিব, থাকৰেৰ প্ৰস্তাৱ কেতিয়াও মানিব নোৱাৰো’
মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ মাজত চলি থকা ৰাজনৈতিক সংঘাত সন্দৰ্ভত প্ৰথমবাৰলৈ মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ অধ্যক্ষ তথা গৃহমন্ত্ৰী অমিত শ্বাহে

মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ মাজত চলি থকা ৰাজনৈতিক সংঘাত সন্দৰ্ভত প্ৰথমবাৰলৈ মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ অধ্যক্ষ তথা গৃহমন্ত্ৰী অমিত শ্বাহে

  • Share this:
মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ মাজত চলি থকা ৰাজনৈতিক সংঘাত সন্দৰ্ভত প্ৰথমবাৰলৈ মন্তব্য কৰিছে বিজেপিৰ অধ্যক্ষ তথা গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে ৰাজ্যপালৰ শেহতীয়া ভুমিকা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে। শিৱসেনাৰ সৈতে হোৱা মিত্ৰতা কেন্দ্ৰীক সংঘাত আৰু তাৰ পিছত মিত্ৰতা ভংগ হোৱা প্ৰসংগত অমিত শ্বাহে কয় যে,যেতিয়ালৈকে মুখ্যমন্ত্ৰী পদকলৈ প্ৰশ্ন উঠিব, তেতিয়ালৈকে শিৱসেনাৰ নতুন চৰ্ত আমি কেতিয়াও মানিব নোৱাৰো।  মই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগতেই কৈছিলো, যদি আমি জিকো তেন্তে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেই হ’ব।

ৰাজ্যপালৰ ভুমিকাত অমিত শ্বাহে কয় যে, চৰকাৰ গঠন কৰিবলৈ সকলোৱে সন্মানজনক সময় লাভ কৰিছিল। ১৮ দিন সময় আছিল, ইয়াৰ পিছতহে ৰাষ্ট্ৰপতি শাসনৰ বাবে আবেদন জনাইছিল। চৰকাৰ গঠন কৰিবলৈ ইমান সময় আজিলৈকে কোনো ৰাজ্যকে দিয়া নাই।’



অমিত শ্বাহে লগতে কয় যে, ‘ ৰাজ্যপালে বিধানসভাৰ কাৰ্যকাল শেষ হোৱাৰ পিছত সকলো দলকে মাতিলে, ইয়াৰ পিছত কি শিৱসেনা, কি এনচিপি, আনকি আমিও সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলো।’

First published: November 13, 2019, 8:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading