অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰে সন্ত্ৰাসবাদ শেষ কৰিব কাশ্মীৰত : অমিত শ্বাহ

অমিত শ্বাহে কয় – ৩৭০ আঁতৰোৱাৰ ফলত কাশ্মীৰ সন্ত্ৰাসবাদমুক্ত হৈ বিকাশৰ পথত আগবাঢ়িব।

News18-Assam
Updated:August 11, 2019, 1:56 PM IST
অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰে সন্ত্ৰাসবাদ শেষ কৰিব কাশ্মীৰত : অমিত শ্বাহ
অমিত শ্বাহে কয় – ৩৭০ আঁতৰোৱাৰ ফলত কাশ্মীৰ সন্ত্ৰাসবাদমুক্ত হৈ বিকাশৰ পথত আগবাঢ়িব।
News18-Assam
Updated: August 11, 2019, 1:56 PM IST
গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কয় যে সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ জৰিয়তে জম্মু–কাশ্মীৰে লাভ কৰা বিশেষ মৰ্যাদা কৰ্তনৰ ফলত সন্ত্ৰাসবাদ শেষ হ’ব আৰু ৰাজ্যখন বিকাশৰ পথত অগ্ৰসৰ হ’ব। উপ–ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ ওপৰত ৰচিত এখন গ্ৰন্থ ‘লিছনিং, লাৰ্নিং এণ্ড লিডিং’ৰ উন্মোচনী অনুষ্ঠানত শ্বাহে কয় – মই দৃঢ়ভাৱে বিশ্বাস কৰো যে জম্মু–কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ হোৱা উচিত কাৰণ ইয়াৰ পৰা দেশৰ কোনো লাভ হোৱা নাছিল।

অমিত শ্বাহে কয় – মই দঢ় আছিলো যে অনুচ্ছেদ ৩৭০ আঁতৰাব লাগে। ইয়াৰ ফলত কাশ্মীৰ সন্ত্ৰাসবাদমুক্ত হৈ বিকাশৰ পথত আগবাঢ়িব।
আৰু চাওক পৰৱৰ্তী বাতৰি