কাশ্মীৰ আৰু PoKৰ বাবে লাগিলে জীৱনো দিম : অমিত শ্বাহ

আজিৰ প্ৰস্তাৱ আৰু বিধেয়ক ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখা হ’ব আৰু সদনে ইয়াৰ ওপৰত বিচাৰ কৰিব।

News18-Assam
Updated:August 6, 2019, 12:00 PM IST
কাশ্মীৰ আৰু PoKৰ বাবে লাগিলে জীৱনো দিম : অমিত শ্বাহ
আজিৰ প্ৰস্তাৱ আৰু বিধেয়ক ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখা হ’ব আৰু সদনে ইয়াৰ ওপৰত বিচাৰ কৰিব।
News18-Assam
Updated: August 6, 2019, 12:00 PM IST
নৰেন্দ্ৰ মোদী চৰকাৰে জম্মু–কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ–৩৭০ আৰু ৩৫এ প্ৰত্যাহাৰ কৰাক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সোমবাৰে ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত আজি লোকসভাত উত্থাপন কৰা হয় জম্মু–কাশ্মীৰ পুনৰ গঠন বিধেয়ক। বিধেয়কখনক লৈ সদনত কংগ্ৰেছ–বিজেপি সাংসদৰ মাজত সৃষ্টি হয় তীব্ৰ বাক–বিতণ্ডাৰ। গৃহমন্ত্ৰী অমিত শ্বাহে
বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিয়ে।

গৃহমন্ত্ৰী অমিত শ্বাহে সদনত কয় – যেতিয়া মই কাশ্মীৰ বুলি কওঁ, তাত PoKও অন্তৰ্ভুক্ত হয়। কাশ্মীৰ আমাৰ, ভাৰতৰ অভিন্ন অংগ। কাশ্মীৰৰ বাবে আমি প্ৰয়োজনত জীৱনো দিম। কাশ্মীৰৰ ওপৰত আইন প্ৰণয়ন কৰাত চৰকাৰক কোনেও বাধা দিব নোৱাৰে।

লোকসভাত অমিত শ্বাহ আৰু কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ মাজত তীব্ৰ বাক–বিতণ্ডাৰ সৃষ্টি হয়। অমিত শ্বাহে কয় – কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে যে বিষয়টো ৰাষ্ট্ৰসংঘৰ নিৰীক্ষণত আছে আৰু অনুমতি অবিহনে আমি এই বিধেয়ক আনিছো। কংগ্ৰেছে ইয়াৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰক। অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে ১৯৪৮ চনৰ পৰা জম্মু–কাশ্মীৰ ৰাষ্ট্ৰসংঘৰ নিৰীক্ষণত আছে, এতিয়া কেনেকৈ আভ্যন্তৰীণ বিষয় হ’ল?

অমিত শ্বাহে সদনত কয় – কংগ্ৰেছে PoKক ভাৰতৰ অংশ বুলি নাভাৱে। আমি ইয়াৰ বাবে জীৱন দিবলৈও প্ৰস্তুত আছো। আজিৰ প্ৰস্তাৱ আৰু বিধেয়ক ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখা হ’ব আৰু সদনে ইয়াৰ ওপৰত বিচাৰ কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি