প্ৰথমবাৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত ল’লে অমিত শ্বাহে, বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব পাব পাৰে

অৰুণ জেটলীয়ে স্বাস্থ্যজনিত কাৰণত প্ৰধানমন্ত্ৰী মোদীক কোনো ধৰণৰ দায়িত্ব অৰ্পণ নকৰিবলৈ অনুৰোধ কৰিছিল। মোদী কেবিনেটত অন্তৰ্ভুক্ত হোৱা অমিত শ্বাহে লোকসভা নিৰ্বাচন ২০১৪ আৰু ২০১৯ত NDA–ক বৃহৎসংখ্যক আসনত জয়ী কৰোৱাইছিল। 

news18
Updated:May 30, 2019, 8:29 PM IST
প্ৰথমবাৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত ল’লে অমিত শ্বাহে, বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব পাব পাৰে
অৰুণ জেটলীয়ে স্বাস্থ্যজনিত কাৰণত প্ৰধানমন্ত্ৰী মোদীক কোনো ধৰণৰ দায়িত্ব অৰ্পণ নকৰিবলৈ অনুৰোধ কৰিছিল। মোদী কেবিনেটত অন্তৰ্ভুক্ত হোৱা অমিত শ্বাহে লোকসভা নিৰ্বাচন ২০১৪ আৰু ২০১৯ত NDA–ক বৃহৎসংখ্যক আসনত জয়ী কৰোৱাইছিল। 
news18
Updated: May 30, 2019, 8:29 PM IST
বিজেপি অধ্যক্ষ অমিত শ্বাহে কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপতবাক্য পাঠ কৰিছে। তেওঁক নতুন চৰকাৰে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। বিগত দুটা লোকসভা নিৰ্বাচনত এনডিএক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰোঁতা অমিত শ্বাহ মোদী কেবিনেটৰ অন্যতম অংশৰূপে দেখা দিছে।

গুজৰাটৰ গৃহ মন্ত্ৰী আছিল অমিত শ্বাহ

অমিত শ্বাহে গুজৰাটৰ গৃহমন্ত্ৰীৰূপে দায়িত্ব পালন কৰিছিল। ২০০২চনত অমিত শ্বাহৰ উন্নত প্ৰদৰ্শনৰ বাবে তেওঁক গৃহ আৰু পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ইয়াৰ পিছত ২০০৭ চনত অমিত শ্বাহক পুনৰ এবাৰ গুজৰাটৰ কেবিনেটত অন্তৰ্ভুক্ত কৰা হয়। তেওঁক গৃহ মন্ত্ৰালয়ৰ লগতে পৰিবহণ, সংসদীয় পৰিক্ৰমা, আইন আৰু আবকাৰী বিভাগৰ দায়িত্ব দিয়া হয়।

অৰুণ জেটলীয়ে চিঠি লিখিছিল

বিগত মোদী চৰকাৰে বিত্ত মন্ত্ৰীৰূপে অৰুণ জেটলীক দায়িত্ব অৰ্পণ কৰিছিল কিন্তু এইবাৰ তেওঁ কোনো বিভাগৰ দায়িত্ব গ্ৰহণ কৰিব বিচৰা নাই। নিজৰ দুৰ্বল স্বাস্থ্যৰ বাবে জেটলীয়ে নৰেন্দ্ৰ মোদীক চিঠি প্ৰেৰণ কৰি কৈছিল, মই বিগত ১৮মাহে বেমাৰৰ সৈতে যুঁজি আছো। প্ৰচাৰ শেষ হোৱাৰ পিছত আপুনি কেদাৰনাথলৈ যাবলৈ লোৱাৰ সময়ত মই আপোনাক জনাইছিলো যে মই স্বাস্থ্যজনিত কাৰণত আগলৈ কোনোধৰনৰ দায়িত্ব গ্ৰহণ কৰিবলৈ অসমৰ্থ।
আৰু চাওক পৰৱৰ্তী বাতৰি