মুখ্যপৃষ্ঠা »খবৰ »দেশ »ভাৰতীয় ৰাজনীতিৰ চানক্য অমিত শ্বাহ, মহাৰাষ্ট্ৰত কেনেকৈ সম্ভৱ হ’ল বিজেপি চৰকাৰ?

ভাৰতীয় ৰাজনীতিৰ চানক্য অমিত শ্বাহ, মহাৰাষ্ট্ৰত কেনেকৈ সম্ভৱ হ’ল বিজেপি চৰকাৰ?

Source-Google

Source-Google

উদ্ধৱ থাকৰেক মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী হিছাপে লাভ কৰিব বুলি পোৱা খবৰ লৈ বিচনাত পৰা মুম্বাইবাসীয়ে পুৱা মুখ্যমন্ত্ৰী হিছাপে পালে দেৱেন্দ্ৰ ফাড়নবিচক!

  • Share this:
উদ্ধৱ থাকৰেক মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী হিছাপে লাভ কৰিব বুলি পোৱা খবৰ লৈ বিচনাত পৰা মুম্বাইবাসীয়ে পুৱা মুখ্যমন্ত্ৰী হিচাপে পালে দেৱেন্দ্ৰ ফাড়নবিচক। মহাৰাষ্ট্রৰ নতুন চৰকাৰকলৈ সমগ্ৰ দেশ আচৰিত হোৱাৰ সময়তে বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মোদীয়ে ক’লে ভাৰতবৰ্ষৰ ৰাজনীতিৰ চানক্য অমিত শ্বাহ।

মহাৰাষ্টৰ ৰাজনীতিৰ নাটকীয় পট পৰিৱৰ্তনে পুনৰ বাৰ প্ৰমাণ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজনৈতিক দক্ষতা।সচাঁকৈয়ে এতিয়া যেন ভাৰতীয় ৰাজনীতিৰ চানক্য অমিত শ্বাহ। অসম্ভৱকো সম্ভৱ কৰি তুলিছে অমিত শ্বাহে। অমিত শ্বাহৰ মাষ্টাৰ ষ্ট্ৰোকৰ শেহতীয়া উদাহৰণ মহাৰাষ্ট্ৰত বিজেপি এন চি পিৰ চৰকাৰ। সমগ্ৰ দেশৰে ৰাজনীতিক হতচকিত কৰি শনিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছে।

উপ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে এন চি পি নেতা অজিত পাৱাৰে। কালি নিশা পৰ্যন্ত কংগ্ৰেছ এন চি পি আৰু শিৱ সেনাৰ চৰকাৰ আৰু উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰী হোৱাটো এশ শতাংশ নিশ্চিত হৈ থকাৰ পিছটো শনিবাৰে পুৱাই মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ফাড়নবিছে। মহাৰাষ্ট্ৰৰ এই নাটকীয় পৰিবৰ্তনৰ আঁৰতো অমিত শ্বাহ। শ্বাহৰ ৰাজনৈতিক বিচক্ষণতাৰ বাবেই হৈ পৰিল অসম্ভৱো সম্ভৱ। তাৰ পিছতেই দেশৰ ৰাজনীতিৰ চানক্য আখ্যা অমিত শ্বাহক।

উল্লেখযোগ্য যে,  অমিত শ্বাহৰ নিৰ্দেশত মুম্বাইত বাহৰ পাতিছিল বিশস্ত ভূপেন্দ্ৰ যাদৱে। বিধানসভাৰ অধ্যক্ষ পদক লৈ NCP কংগ্ৰেছৰ মতানৈক্য আঁতৰা নাছিল তেতিয়াও। মাজ নিশাই আধুনিক চানক্য অমিত শ্বাহে ৰচিলে নচুন কৌশল। শনিবাৰে পুৱা শিৱসেনা-এন চি পি- কংগ্ৰেছৰ মিত্ৰতা হোৱাৰ পূৰ্বেই ৰাজভৱনত শপত ল’লে ফাড়নৱিছ- অজিত পৱাৰ চৰকাৰে।

শেহতীয়া বাতৰি