যিকোনো পৰিস্থিতিৰ বাবে সাজু ভাৰতীয় সেনা। এই দাবী কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেইদিনমানৰ পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে চীন দেশৰ সেনাবাহিনীক যুদ্ধৰ বাবে প্ৰস্তুত হৈ থকাৰ নিৰ্দেশ দিছিল। তাৰ পৰিপ্ৰেক্ষিততে নিউজ-১৮ৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে হোৱা অক্সক্লুছিভ সাক্ষাত্কাৰত এই কথা জনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।
এই প্ৰসংগত অমিত শ্বাহে স্পষ্টকৈ কয় যে, ভাৰতৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব। তেওঁ লগতে কয় যে, ‘প্ৰতিখন দেশেই সকলো সময়তেই সাজু থাকে। সেই কাৰণেইটো সেনা বাহিনী থাকে। যাতে যিকোনো আগ্ৰাসনক ৰোধ কৰিব পৰা যায়। কোনো নিৰ্দিষ্ট মন্তব্যৰ পৰিপ্ৰেক্ষিতত মই এই কথা কোৱা নাই। কিন্তু ভাৰতৰ সেনা বাহিনী সদায় প্ৰস্তুত।’
গৃহমন্ত্ৰী অমিত শ্বাহে লগতে কয় যে,‘সীমান্তত উত্তেজনা হ্ৰাস কৰি আকৌ শান্তি ঘূৰাই আনিবলৈ সামৰিক আৰু কূটনৈতিক স্তৰত চীনৰ সৈতে আলোচনা চলিছে। অমিত শ্বাহে লগতে গৃহমন্ত্ৰী হিচাপে তেওঁ এই বিষয়ে মন্তব্য কৰা উচিত নহয় বুলি উল্লেখ কৰে।
অমিত শ্বাহক প্ৰশ্ন কৰা হয় যে, লাডাখ আৰু অৰুণাচলকলৈ চীনৰ অৱস্থানৰ উত্তৰত তিব্বত আৰু তাইৱানকলৈ ভাৰতৰ কূটনৈতিক অৱস্থান সলনি কৰিছে নেকি? উত্তৰত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, এই বিষয়ত এতিয়া কথা কোৱা উচিত নহয়। এটা অত্যন্ত জটিল বিষয়। চীনকলৈ ভাৰতৰ কি স্থিতি, সেই সম্পৰ্কত বিদেশমন্ত্ৰী এছ জয়শংকৰ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে সংসদৰ মজিয়াত স্পষ্ট কৰিছে। মোৰ মতে, সেয়াই যথেষ্ট। চীনৰ সৈতে আমাৰ আলোচনা চলিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|