CRPF নথকাহ’লে মই পশ্চিম বংগৰ পৰা বাচি অহাটো টান আছিল, ক’লে অমিত শ্বাহে

মঙলবাৰে অমিত শ্বাহৰ ৰোড শ্ব’ৰ সময়ত হোৱা হিংসাত্মক ঘটনাক লৈ শ্বাহে কয় – যদি চি আৰ পি এফ নাথাকিলহেঁতেন মই বাচি অহাটো টান আছিল।

news18assam
Updated:May 15, 2019, 3:04 PM IST
CRPF নথকাহ’লে মই পশ্চিম বংগৰ পৰা বাচি অহাটো টান আছিল, ক’লে অমিত শ্বাহে
মঙলবাৰে অমিত শ্বাহৰ ৰোড শ্ব’ৰ সময়ত হোৱা হিংসাত্মক ঘটনাক লৈ শ্বাহে কয় – যদি চি আৰ পি এফ নাথাকিলহেঁতেন মই বাচি অহাটো টান আছিল।
news18assam
Updated: May 15, 2019, 3:04 PM IST
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বুধবাৰে এক সংবাদমেলযোগে মমতা বেনাৰ্জী আৰু পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা কৰে। মঙলবাৰে অমিত শ্বাহৰ ৰোড শ্ব’ৰ সময়ত হোৱা হিংসাত্মক ঘটনাক লৈ শ্বাহে কয় – যদি চি আৰ পি এফ নাথাকিলহেঁতেন মই বাচি অহাটো টান আছিল।

সংবাদমেলত শ্বাহে কয় যে এতিয়ালৈকে নিৰ্বাচনৰ ৬টা পৰ্যায় সমাপ্ত হৈছে। এই ছটা পৰ্যায়ত পশ্চিম বংগত বাদে আন ক’তো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। শ্বাহে কয় – ‘মই মমতা বেনাৰ্জীক ক’ব বিচাৰিছো যে আপুনি কেৱল ৪২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু বিজেপি দেশৰ সকলো ৰাজ্যতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু ক’তো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। পশ্চিম বংগত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অৰ্থ হ’ল, তৃণমূল কংগ্ৰেছেই এই কাৰ্য কৰিছে।’

অমিত শ্বাহে কয় যে ৰোড শ্ব’ৰ পূৰ্বে পশ্চিম বংগত পোষ্টাৰ ফালি পেলোৱা হৈছিল। ৰোড শ্ব’ত অভূতপূৰ্ব জনসমাগম হৈছিল। ২.৩০ ঘণ্টা শান্তিপূৰ্ণভাৱে ৰোড শ্ব’ চলিল। ৩ বাৰ আক্ৰমণ কৰা হৈছিল আৰু তৃতীয়বাৰ অগ্নিসংযোগৰ লগতে বটলত কেৰাচিন ভৰাই আক্ৰমণ কৰা হৈছিল।

অমিত শ্বাহে কয় – ‘পুৱাৰে পৰা সমগ্ৰ কলকাতাত আলোচনা হৈছিল যে বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰা আহি একাংশ লোকে হুলস্থূল কৰিব। আৰক্ষীয়ে কোনো তদন্ত কৰা নাই আৰু কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ চেষ্টাও কৰা হোৱা নাই।’ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ মূৰ্তি ভঙাৰ বিষয়ত শ্বাহে কয় যে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ প্ৰতিমা কোঠাৰ ভিতৰত আছে। কলেজ বন্ধ হৈছিল, সকলো তলা মৰা হৈছিল, তেন্তে কোনে তলা খুলিলে। তলা ভঙাও নাছিল, ছাবি কাৰ ওচৰত আছিল। কলেজৰ ওপৰত তৃণমূলৰ হাত আছে।

ভোটবেংকৰ ৰাজনীতিৰ বাবে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ মূৰ্তি ভঙাৰ অৰ্থ এয়াই যে তৃণমূল কংগ্ৰেছৰ ওলোটা কাউণ্ট ডাউন আৰম্ভ হৈ গৈছে। পশ্চিম বংগৰ নিৰ্বাচন আয়োগ মৌন দৰ্শক হৈ আছে। নিৰ্বাচন আয়োগে শীঘ্ৰে বিষয়টোত হস্তক্ষেপ কৰা উচিত। এই ঘটনাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উদয় হৈছে বুলিও সংবাদমেলত কয় অমিত শ্বাহে।

শ্বাহে কয় যে – যেনেদৰে পশ্চিম বংগৰ ভিতৰত হিংসাত্মক ঘটনা সংঘটিত হৈছে, সংবাদ মাধ্যমে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰা উচিত। মোৰ বিশ্বাস যে পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ পিছত বিজেপিয়ে অকলে একক সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। সপ্তম পৰ্যায়ৰ পিছত ৩০০খনতকৈ অধিক আসনত জয়ী হৈ আমি মোদীৰ নেতৃত্বত এন ডি এৰ চৰকাৰ গঠন কৰিম।

সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে এতিয়া পশ্চিম বংগৰ জনতাই মমতা বেনাৰ্জীক বিদায় দিবলৈ মন মেলিছে। এইবাৰ পশ্চিম বংগত ২৩খনতকৈ অধিক আসন পাব বিজেপিয়ে। মমতা বেনাৰ্জীৰ এফ আই আৰত বিজেপিয়ে ভয় নকৰে বুলিও কয় শ্বাহে। যদি মমতা বেনাৰ্জীয়ে ভাবিছে মোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে বিজেপি কৰ্মীয়ে ভয় খাব, তেন্তে মই নিশ্চিত কৰিছো যে বিজেপিৰ কৰ্মী আৰু তাৰ জনতাই সপ্তম পৰ্যায়ত অধিক আক্ৰোশৰ সৈতে মমতাৰ বিৰুদ্ধে ভোটদান কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি