অমিত শ্বাহেই থাকিব পাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত, আজি বৈঠক

এই বৈঠকতে দলৰ বুথ পৰ্যায়ৰ ওপৰৰ সাংগঠনিক নিৰ্বাচন আৰু সদস্যভৰ্তি অভিযানক লৈও সিদ্ধান্ত লোৱা হ’ব।

news18assam
Updated:June 13, 2019, 9:40 AM IST
অমিত শ্বাহেই থাকিব পাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত, আজি বৈঠক
এই বৈঠকতে দলৰ বুথ পৰ্যায়ৰ ওপৰৰ সাংগঠনিক নিৰ্বাচন আৰু সদস্যভৰ্তি অভিযানক লৈও সিদ্ধান্ত লোৱা হ’ব।
news18assam
Updated: June 13, 2019, 9:40 AM IST
আজি বিজেপিশাসিত ৰাজ্যসমূহৰ নেতা আৰু সাধাৰণ সম্পাদকসকলৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ আসনত কোন বহিব সেই বিষয়ক লৈ আলোচনা হ’ব বৈঠকত। এই বৈঠকতে দলৰ বুথ পৰ্যায়ৰ ওপৰৰ সাংগঠনিক নিৰ্বাচন আৰু সদস্যভৰ্তি অভিযানক লৈও সিদ্ধান্ত লোৱা হ’ব।

বিজেপিৰ এগৰাকী নেতাই কয় যে সাংগঠনিক নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱালৈ কেইবামাহো সময় লাগিব পাৰে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে দলৰ নতুন সভাপতি নিৰ্বাচন হ’ব, যিটো অক্টোবৰ–নৱেম্বৰ মাহত কৰিব পৰা যাব পাৰে।

সূত্ৰ অনুসৰি বিজেপিশাসিত তিনি ৰাজ্য হাৰিয়াণা, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন এই বৰ্ষৰ শেষৰ ভাগত অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত দলে তেওঁলোকক সেই দায়িত্ব পালনৰ বাবে নিৰ্দেশ দিব পাৰে।

উল্লেখযোগ্য যে বিজেপিৰ সভাপতিৰূপে অমিত শ্বাহৰ তিনি বছৰীয়া কাৰ্যকাল এই বছৰৰ আৰম্ভণিতে সমাপ্ত হৈছিল। কিন্তু তেওঁক সেই পদৰ দায়িত্বত থাকিবলৈ কোৱা হৈছিল। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছিল বিজেপি দলে।
আৰু চাওক পৰৱৰ্তী বাতৰি