• Home
  • »
  • News
  • »
  • nation
  • »
  • তৃণমূল কংগ্ৰেছৰ সাংসদক ক'লে অমিত শ্বাহে, ত্ৰিপুৰা হিংসাক লৈ মুখ্যমন্ত্ৰী বিপ্লব দেবৰ পৰা বিচাৰিব প্ৰতিবেদন

তৃণমূল কংগ্ৰেছৰ সাংসদক ক'লে অমিত শ্বাহে, ত্ৰিপুৰা হিংসাক লৈ মুখ্যমন্ত্ৰী বিপ্লব দেবৰ পৰা বিচাৰিব প্ৰতিবেদন

মুৰব্বী মমতা বেনাৰ্জীয়েও সোমবাৰে কয় যে তেওঁ এই সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত ত্ৰিপুৰাত শ্ৰমিকসকলৰ ওপৰত হোৱা আক্ৰমণ আৰু আৰক্ষীৰ বৰ্বৰ পদক্ষেপৰ বিষয়টো আলোচনা কৰিব।

  • Share this:

ত্ৰিপুৰাত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ আনি তৃণমূল কংগ্ৰেছ (TMC)ৰ সাংসদসকলৰ এটা প্ৰতিনিধি দলে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। সাংসদসকলে আৰক্ষীৰ পদক্ষেপক লৈ অসন্তুষ্টি প্ৰকাশ কৰে গৃহমন্ত্ৰীগৰাকীৰ আগত।

প্ৰতিনিধি দলটোত থকা টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে এই সন্দৰ্ভত কয়– ''আমি সকলোৱে অমিত শ্বাহক (Home Minister Amit Shah) তেওঁৰ বাসগৃহত অনুষ্ঠিত এখন সভাত কৈছিলোঁ যে ত্ৰিপুৰাত আৰক্ষীয়ে দায়িত্ব পালন কৰিবলৈ গৈ নেতাসকলক কেনেদৰে গ্ৰেপ্তাৰ কৰিছিল আৰু কৰ্মীসকলক প্ৰহাৰ কৰিছিল।''

গৃহমন্ত্ৰীয়ে তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আশ্বাস দিয়ে যে তেওঁ ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁৰ পৰা প্ৰতিবেদন বিচাৰিব। উল্লেখ্য, ইয়াৰ পূৰ্বে সোমবাৰে ডেৰেক অ'ব্ৰাইন, সুখেন্দু শেখৰ ৰয়, শান্তনু সেন আৰু মালা ৰয়কে ধৰি মুঠ ১৬গৰাকী টিএমচি সাংসদে দিল্লীৰ দলীয় কাৰ্যালয়ত উপস্থিত হৈ ত্ৰিপুৰা আৰক্ষীৰ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে তৃণমূল (Trinamool Congress)ৰ  মুৰব্বী মমতা বেনাৰ্জীয়েও সোমবাৰে কয় যে তেওঁ এই সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত ত্ৰিপুৰাত শ্ৰমিকসকলৰ ওপৰত হোৱা আক্ৰমণ আৰু আৰক্ষীৰ বৰ্বৰ পদক্ষেপৰ বিষয়টো আলোচনা কৰিব। বেনাৰ্জীয়ে ত্ৰিপুৰাৰ বিপ্লব দেবক সমালোচনা কৰে আৰু ৰাজ্যখনত বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ কৰে।

উল্লেখ্য, ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে (Tripura Police) পশ্চিম বংগৰ (West Bengal) তৃণমূল কংগ্ৰেছৰ নেত্ৰী সায়ানী ঘোষক হত্যাৰ অপচেষ্টাৰ বাবে গ্ৰেপ্তাৰ কৰে।
টিএমচিৰ যুৱ নেত্ৰীগৰাকীয়ে গলিত অনুষ্ঠিত সভাখনত উপস্থিত হৈ ‘খেলা হবে’ৰ শ্ল’গান দিছিল।

Published by:Gautam Barman
First published: