মমতা–ৰাহুলক মুকলি বিতৰ্কৰ কাৰণে প্ৰত্যাহ্বান অমিত শ্বাহৰ, ক’লে বুজাই দিব CAA আচলতে কি?
মমতা–ৰাহুলক মুকলি বিতৰ্কৰ কাৰণে প্ৰত্যাহ্বান অমিত শ্বাহৰ, ক’লে বুজাই দিব CAA আচলতে কি?
অসম, উত্তৰ–পূৱসহ দেশৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনক লৈ তোলপাৰ প্ৰতিবাদ। ইয়াৰ মাজতে লক্ষ্নৌৰ পৰা আন্দোলনকাৰীক হুংকাৰ অমিত শ্বাহৰ, যিমান ইচ্ছা সিমান আন্দোলন কৰা, কিন্তু CAAৰ পৰা এখোজো পিছুৱাই অহা নহ’ব। কেন্দ্ৰীয় মন্ত্ৰীয়ে কয়।
লক্ষ্নৌৰ ৰামকথা পাৰ্কত ‘কা’ৰ সমৰ্থনত আয়োজন কৰা বিশাল জনসভাত ‘কা’ বিৰোধীক তীক্ষ্ন সমালোচনা অমিত শ্বাহৰ। আন্দোলনকাৰীলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ স্পষ্ট বাৰ্তা, কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ কৰা নহ’ব।
অমিত শ্বাহৰ অভিযোগ, ‘কা’ হিংসাত বিৰোধীয়ে ইন্ধন ঢালিছে। মোদীয়ে ‘কা’ আনিছে। ইয়াৰ বিৰোধ কৰিছে মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, ৰাহুল গান্ধী, মায়াৱতী আদিয়ে। তেওঁলোকে জনতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। ভোটবেংকৰ ৰাজনীতি কৰিবলৈ তেওঁলোকে এই আইনৰ বিৰোধ কৰিছে। এই আইনৰ প্ৰয়োজনীয়তা বুজি উঠা নাই। পাকিস্তানত বহু সংখ্যালঘূ হিন্দুক হত্যা কৰা হৈছে, সেই হত্যাক লৈ কিয় নিমাত বিৰোধী? দলিত বাঙালীৰ নাগৰিকত্ব দিয়াৰ বিৰোধী মমতা, বিৰোধিতা কৰাই বিৰোধীৰ নিয়ম, ৩৭০বাতিল হজম নহ’ল, ভাৰতক টুকুৰা কৰাৰ আৱাজ উঠোৱা হৈছে। অখিলেখ–লালুৱে বিজেপিৰ বিৰোধ কৰিছে।’
কেৱল বিৰোধীয়ে নহয় আন্দোলনকাৰীক শ্বাহৰ হুংকাৰ, ‘ভাৰতৰ বিৰোধিতা নকৰিব, দেশবিৰোধী কথা ক’লেই জেলত দিয়া হ’ব।’
ফেব্ৰুৱাৰীত ‘caa’ৰ বিধি বলৱৎ কৰা হ’ব। ‘কা’ৰ সমৰ্থন বিচাৰি ঘৰে ঘৰে যাব বিজেপি। দেশৰ ৩কোটি মানুহৰ কাষলৈ যোৱাৰ পৰিকল্পনা গেৰুৱা শিবিৰৰ।
জনসভাত মমতা বেনাৰ্জী–ৰাহুল গান্ধীক মুকলি প্ৰত্যাহ্বান জনালে অমিত শ্বাহে। কয় , ‘মমতা বেনাৰ্জী আমাৰ সৈতে বহক, মই বুজাম CAA কি? ৰাহুলৰ সৈতেও কথা পাতিম। যিকোনো ঠাইত বিতৰ্কৰ কাৰণে সাজু।’
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|