লকডাউনৰ মাজতে ডিজিটেল বিয়া, ম’বাইলতে যুগ্ম জীৱনৰ পণ ল’লে দৰা–কইনাই

News18 Assam | News18-Assam
Updated:March 26, 2020, 10:44 AM IST
লকডাউনৰ মাজতে ডিজিটেল বিয়া, ম’বাইলতে যুগ্ম জীৱনৰ পণ ল’লে দৰা–কইনাই
কইনাঘৰত নাই মানুহৰ ভিৰ, দৰা ঘৰতো একেই পৰিৱেশ।

কইনাঘৰত নাই মানুহৰ ভিৰ, দৰা ঘৰতো একেই পৰিৱেশ।

  • Share this:
আগতেই ঠিক হৈ আছিল বিয়াখন। কিন্তু কেণা লগালে কোৰোণাই। কোৰোণাৰ বাবে দেশত ২১ দিনৰ বাবে ঘোষণা কৰা হ’ল লকডাউন। এতিয়া কি হ’ব বিয়াখন? যি হ’বলগা আছিল হ’লেই। দৰা–কইনাই আলোচনা কৰি ল’লে সিদ্ধান্ত। বিয়া হ’ব। পূৰ্বৰ তাৰিখমতেই হ’ব। সেই অনুসৰিয়ে বুধবাৰে সম্পন্ন হ’ল বিয়া।

দৰাৰ ঘৰৰ পৰা কইনাৰ ঘৰলৈ ১৫ কিলোমিটাৰ। বেছি দূৰ নহয়, তথাপি যাব নোৱাৰি। ঘৰৰ পৰা ওলালেই লাঠি লৈ খেদি আহে আৰক্ষী। কইনাঘৰত নাই মানুহৰ ভিৰ, দৰা ঘৰতো একেই পৰিৱেশ। নাই খোৱা–লোৱাৰ কোনো ব্যৱস্থা, নাই আলহী–অতিথিও। কাণত মোবাইল ফোন লৈয়েই দৰা–কইনাই সম্পন্ন কৰিলে বিয়া।

ঘটনাটো উত্তৰ প্ৰদেশৰ হৰদোই জনপদৰ টৰিয়াৱা থানাৰ অন্তৰ্গত কোটৱালী অঞ্চলৰ। দৰাই ক’লে – লকডাউন খুলিলেই ঘৰলৈ আনিব নৱবিবাহিত পত্নীক। ২৫ মাৰ্চত বিয়াৰ দিন ঠিক কৰা হৈছিল হামিদ নামৰ যুৱকজনৰ। কিন্তু দেশত লকডাউন ঘোষণাই খেলিমেলি কৰি পেলালে সকলো। সকলো বন্ধ হৈ পৰাত পাতিবলগীয়া হ’ল ডিজিটেল বিয়া।
আৰু চাওক
পৰৱৰ্তী বাতৰি