সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ জনতা। দিনক দিনে বৃদ্ধি পাই আহিছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। সীমিত আয় আৰু বৰ্ধিত মূল্যৰ মাজত তীব্ৰ সংকটত পৰিছে দেশৰ জনতা। ইয়াৰ মাজতে পুবৰ বেয়া খবৰ! পুনৰ অহা সপ্তাহৰ পৰা বৃদ্ধি পাব নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু কেতবোৰ সেৱাৰ মূল্য। এই কথা জনাইছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে।
১৮ জুলাইৰ পৰা দাম বাঢ়িব বহু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাবদ এতিয়া ভৰিব লাগিব অধিক ধন। GSTৰ ৪৭সংখ্যক বৈঠকৰ পিছত দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে জনাইছে এই কথা। বিত্ত মন্ত্ৰীয়ে জনাইছে ১৮ জুলাইৰ পৰা কিছু নতুন পণ্য আৰু কেতবোৰ সেৱাৰ ওপৰত GSTৰ হাৰ বৃদ্ধি পাব।
পনীৰ, লাচি, বাটাৰ মিল্ক, পেকেটজাত দৈ, গমৰ আটা, আন শস্য, মৌ, পাপৰ, খাদ্যশস্য, মাংস আৰু মাছ, মুড়ি আৰু গুড়ৰ দৰে প্ৰি–পেকেজড লেবেলসহ কৃষিপণ্যৰ দাম বাঢ়িব ১৮ জুলাইৰ পৰা। এই সামগ্ৰীসমূহৰ ওপৰত কৰ বৃদ্ধি কৰা হৈছে। বৰ্তমান ব্ৰেণ্ডেড আৰু পেকেটজাত খাদ্য সামগ্ৰীৰ ওপৰত ৫ শতাংশ GST ধাৰ্য কৰা হয়। পেক নথকা আৰু লেবেলবিহীন পণ্যসমূহ কৰমুক্ত।
১৮ জুলাইৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?টেট্ৰা পেক দৈ, লাছি আৰু বাটাৰ মিল্কৰ দাম বাঢ়িব, কাৰণ ১৮ জুলইৰ পৰা ইয়াৰ ওপৰত ৫ শতাংশ জিএছটি ধাৰ্য হ’ব, যিটো পূৰ্বে প্ৰযোজ্য নাছিল।
চেকবুক ইছ্যু কৰিবলৈ বেংকে পূৰ্বে যি সেৱা কৰ লৈছিল তাৰ ওপৰত এতিয়া ১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ব।
হাস্পতালত ৫০০০ টকাৰ অধিক (নন–আইচিইউ) মূল্যৰ ঘৰ ভাড়া কৰা হ’লে ৫ শতাংশ জিএছটি ধাৰ্য কৰা হ’ব।
প্ৰতিদিনে ১০০০ টকাৰ কম ভাড়াৰ হোটেলৰ ৰুমত ১২ শতাংশ জিএছটি ধাৰ্য কৰা হ’ব, যিটো ইয়াৰ পূৰ্বে নাছিল।
এলইডি লাইট, এলইডি লেম্পত ১৮ শতাংশ জিএছটি ধাৰ্য কৰা হ’ব, যিটো পূৰ্বে প্ৰযোজ্য নাছিল।
ব্লেড, কাগজ কাটাৰ, পেন্সিল শ্বাৰ্পনাৰ, চামুচ, কাটা চামুচ, স্কিমাৰ্ছ আৰু কেক ছাৰ্ভাৰৰ ওপৰত ১২ শতাংশ জিএছটি আছিল, এতিয়া বাঢ়িব ১৮ শতাংশলৈ।