দেশজুৰি প্ৰতিক্ৰিয়াৰ পিছত সেও মানিলে কন্দ্ৰীয় চৰকাৰে। নতুন শিক্ষা নীতি অনুসৰি পাঠ্যক্ৰমত হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্ত বাতিল কৰিলে কেন্দ্ৰই। হিন্দী বিষয় বাধ্যতামূলক কৰাৰ প্ৰস্তাৱৰ পিছত সৃষ্টি হোৱা হোৱা বিতৰ্কক লৈ মানৱ সংশাধন বিকাশ মন্ত্ৰণালয়ে দেওবাৰে খচৰাৰ বিতৰ্কিত অংশ জনসাধাৰণৰ বিচাৰৰ বাবে এৰি দিছে।
চৰকাৰৰ তৰফৰ পৰা কৰা সালসলনি অনুসৰি হিন্দী বিষয়টো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত আঁতৰোৱা হৈছে। সোমবাৰে নতুন শিক্ষা নীতিত সালসলনি ঘটায় ভাৰত চৰকাৰে। ইয়াৰ পূৰ্বে শিক্ষা নীতিত মূল ভাষা, স্কুলীয়া ভাষাৰ লগতে তৃতীয় ভাষা হিচাপে হিন্দীক বাধ্যতামূলক কৰাৰ কথা কোৱা হৈছিল।
চৰকাৰী সূত্ৰই NEWS18ক জনাইছে, ‘হিন্দী বিষয়টো অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্য কেতিয়াও নাছিল। খচৰাত উল্লেখিত উক্ত তিনি ভাষাৰ ফৰ্মূলা অনুভূতিৰ বিপৰীতে, সেয়েহে সালসলনি কৰা হৈছে। এয়া ইউ–টাৰ্ণ নহয়।’ খচৰাত কৰা সালসলনিৰ পিছত এতিয়া স্কুলীয়া ভাষা আৰু মাতৃভাষাৰ বাদে যিটো তৃতীয় ভাষা হ’ব তাৰ নিৰ্বাচন শিক্ষাৰ্থীয়ে নিজেই কৰিব।
প্ৰকৃত ঘটনাটো কি?
বিগত NDA চৰকাৰৰ কাৰ্যকালত যেতিয়া প্ৰকাশ জাভড়েকাৰ মানৱ সংশাধন বিকাশ মন্ত্ৰী আছিল, তেতিয়া তেওঁ এখন পেনেল গঠন কৰিছিল। এই পেনেলে প্ৰস্তুত কৰা নতুন শিক্ষা নীতিৰ খচৰা বৰ্তমানৰ চৰকাৰক দাখিল কৰা হৈছে। য’ত অ-হিন্দীভাষী ৰাজ্যত হিন্দী শিক্ষা দিয়াৰ প্ৰস্তাৱ ৰখা হৈছিল। এই প্ৰস্তাৱৰ পিছতে দক্ষিণ ভাৰতৰ পৰা ইয়াৰ বিৰোধিতা আৰম্ভ হয় আৰু কেইবাগৰাকীও নেতাই মন্তব্য কৰিছিল যে চৰকাৰে কোনো ৰাজ্যৰ ওপৰত আন ভাষা অন্তৰ্ভুক্ত নকৰিব। উল্লেখযোগ্য যে তামিলনাডুৰ প্ৰভাৱশালী দল ডি এম কেৰ মুৰব্বী এম কে ষ্টালিনে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি কৈছিল যে এই সিদ্ধান্ত ‘মৌ–মাখিৰ বাহত শিলগুটি মৰাৰ নিচিনা’ হ’ব। ইফালে, টি শিৱাই কৈছিল যে কেন্দ্ৰীয় চৰকাৰে এনে সিদ্ধান্তৰ জৰিয়তে জুইৰে খেলা কৰিব বিচাৰিছে।
মন্ত্ৰণালয়ে দিলে স্পষ্টীকৰণ
দক্ষিণ ভাৰতৰ পৰা আৰম্ভ হোৱা বিৰোধিতাৰ পিছত মানৱ সংশাধন বিকাশ মন্ত্ৰণালয়ে স্পষ্টীকৰণ দিছিল যে এয়া কেৱল প্ৰস্তাৱহে, যিটো এতিয়ালৈ চৰকাৰী নীতিত অন্তৰ্ভুক্ত হোৱা নাই। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে এনেধৰণৰ মন্তব্যসমূহ ভুল বুজাবুজিৰ চিকাৰ আখ্যা দিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|