তাজমহলৰ প্ৰৱেশদ্বাৰলৈ যাবলৈ অনুমতি দিয়া নহ’ল ট্ৰাম্পৰ ‘দ্য বীষ্ট’ক, মিনি বাছেৰে তাজমহললৈ যাব ট্ৰাম্প!

News18 Assam | News18-Assam
Updated:February 24, 2020, 2:59 PM IST
তাজমহলৰ প্ৰৱেশদ্বাৰলৈ যাবলৈ অনুমতি দিয়া নহ’ল ট্ৰাম্পৰ ‘দ্য বীষ্ট’ক, মিনি বাছেৰে তাজমহললৈ যাব ট্ৰাম্প!
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ আগ্ৰা ভ্ৰমণো এই এই সুৰক্ষাজনিত কাৰণতে বাতিল হৈছিল। ওবামাৰ গাড়ীকো তাজমহলৰ প্ৰৱেশদ্বাৰলৈ যোৱাৰ অনুমতি দিয়া হোৱা নাছিল।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ আগ্ৰা ভ্ৰমণো এই এই সুৰক্ষাজনিত কাৰণতে বাতিল হৈছিল। ওবামাৰ গাড়ীকো তাজমহলৰ প্ৰৱেশদ্বাৰলৈ যোৱাৰ অনুমতি দিয়া হোৱা নাছিল।

  • Share this:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প বৰ্তমান ভাৰতত। বিয়লিৰ ভাগত দিল্লীলৈ যাত্ৰা কৰাৰ পূৰ্বে আগ্ৰাত উপস্থিত হৈ তাজমহল পৰিদৰ্শন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। কিন্তু তাজমহল পৰিদৰ্শনৰ বাবে যোৱাৰ সময়ত ট্ৰাম্পৰ বিশেষ গাড়ী ‘দ্য বীষ্ট’খন এটা চেকিং বেৰিয়াৰৰ ওপৰত ৰখাই দিয়া হ’ব। তাৰ পৰা বেটাৰীচালিত সাধাৰণ বাছত তাজমহললৈ যাব লাগিব ট্ৰাম্প।

তাজমহল চাবলৈ অহা সকলো ভিআইপি, ভিভিআইপিক এই বাছেৰে তাজমহলৰ গে’টলৈ লৈ যোৱা হয়। কোৱা হয় যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ আগ্ৰা ভ্ৰমণো এই এই সুৰক্ষাজনিত কাৰণতে বাতিল হৈছিল। ওবামাৰ গাড়ীকো তাজমহলৰ প্ৰৱেশদ্বাৰলৈ যোৱাৰ অনুমতি দিয়া হোৱা নাছিল।

২০০১ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তাজমহলৰ ৫০০ মিটাৰ ভিতৰত পেট্ৰ’ল–ডিজেলচালিত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। তাজমহল প্ৰদূষণৰ কবলত পৰা বুলি এক প্ৰতিবেদন দাখিল কৰাৰ পিছত গ্ৰহণ কৰা হৈছিল এই পদক্ষেপ। তাজমহলৰ ওচৰত বসবাস কৰা নাছিৰ খানে কয় যে আমাৰ গাড়ী ঘৰৰ সন্মুখলৈ আনিবলৈ প্ৰৱেশ পাছ বনাবলগা হৈছিল। এই পাছ ৰিজনেল ট্ৰান্সপ’ৰ্ট অফিচত বনোৱা হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি