এমাজনৰ দ্বাৰা গাঞ্জা সৰবৰাহক লৈ আৰক্ষীয়ে ইতিমধ্যে কেইবাগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল। বিশেষকৈ মধ্যপ্ৰদেশৰ ভিণ্ড জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দুগৰাকী মূল অভিযুক্তক। কিন্তু হঠাতে জিলাখনৰ আৰক্ষী অধীক্ষকক বদলি কৰা হয়। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (CAIT CONDEMNS SUDDEN TRANSFER OF SP BHIND)।
গাঞ্জা বিক্ৰী গোচৰত এমাজন (Amazon)ৰ বিৰুদ্ধে বিশেষ ভূমিকা লোৱা ভিণ্ড জিলাৰ এছ পি মনোজ কুমাৰ সিঙৰ আকস্মিক স্থানান্তৰক গৰিহণা দিয়ে সংগঠনটোৱে। CAIT-এ অভিযোগ কৰে যে চৰকাৰে এমাজনৰ হেঁচাত কাম কৰি আছে। জিলাখন এতিয়া শৈলেন্দ্ৰ সিং চৌহানক হস্তান্তৰ কৰা হৈছে।
কিন্তু পূৰ্বৰ এছ পিৰ স্থানান্তৰৰ বিষয়ে সংগঠনটোৱে কয়- 'মনোজ কুমাৰ সিঙে এবছৰ আগতে ভিণ্ডৰ এছ পি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল, সেয়েহে ইয়াক নিয়মীয়া স্থানান্তৰ বুলি ক'ব নোৱাৰি।' CAITৰ অভিযোগ মতে মধ্য প্ৰদেশ চৰকাৰৰ ওপৰত এমাজনৰ হেঁচা পৰিছে। এই চাপৰ বাবে বিষয়াজনক হঠাতে বদলি কৰা হৈছে।
CAIT-এ কয় যে ড্ৰাগছৰ বিষয়টো (online delivery of GANJA) পোহৰলৈ অনাৰ আঁৰৰ বিষয়াজন আছিল মনোজ সিং। তেওঁ বিষয়টো অতি সততাৰে চম্ভালি আছিল। তদন্তৰ মাজতে তেওঁক আন কাৰ্যালয়লৈ স্থানান্তৰ কৰা হৈছে। সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি বিচি ভাৰতীয় আৰু সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে কয় যে তদন্তৰ এনে এক গুৰুত্বপূৰ্ণ সময়ত এজন আৰক্ষী বিষয়াৰ বদলি আশ্চৰ্যজনক। এনেকুৱা লাগিছে যে বিষয়াজন আৰু তেওঁৰ দলটোৱে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ ল'বলৈ ওলাইছিল। সংগঠনটোৱে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হৈছে- ''এছ পি স্থানান্তৰৰ ঘটনাই দেখুৱাইছে যে আমাৰ ছিষ্টেম বিদেশী দৈত্যৰ হেঁচাত কেনেদৰে কাম কৰি আছে।''
CAIT-এ পুনৰ উল্লেখ কৰে- 'এনে লাগে যে এই ছিষ্টেমটো বিদেশী কোম্পানীৰ হাতত বন্দী হৈ আছে। মধ্য প্ৰদেশৰ জনতা আৰু দেশৰ ব্যৱসায়ীসকলে ইয়াক সহজভাৱে নলয় আৰু শীঘ্ৰেই সংগঠনটোৱে মধ্যপ্ৰদেশ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিব।'
উল্লেখ্য বুধবাৰে মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহান চৰকাৰে ১৩জন বিষয়াক বদলি কৰে। অৱশ্যে, ভিণ্ডৰ এছ পিৰ স্থানান্তৰৰ বিষয়টো আটাইতকৈ চৰ্চিত হৈছে। শেহতীয়াকৈ, ভিণ্ডৰ এছ পি মনোজ কুমাৰ সিঙে এটা ৰেকেট উদ্ঘাটন কৰিছিল য'ত অনলাইন শ্বপিং কোম্পানী এমাজনৰ জৰিয়তে গাঞ্জা বিক্ৰী কৰাৰ এটা ঘটনা পোহৰলৈ আহিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|