ফেব্ৰুৱাৰী মাহত চিলিণ্ডাৰৰ মূল্য ১২৫ টকা বৃদ্ধি পাইছে।
ফেব্ৰুৱাৰী মাহত চিলিণ্ডাৰৰ মূল্য ১২৫ টকা বৃদ্ধি পাইছে।
নতুন বৰ্ষৰ আৰম্ভণিৰ পৰাই পেট্ৰ'ল আৰু ডিজেলৰ ব্যাপক মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছতে শেহতীয়াকৈ ৰন্ধন গেছৰ মূল্যও বৃদ্ধি হৈছে। পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্যই সাধাৰণ জনতাক যথেষ্ট প্ৰভাৱিত কৰিছে। দেশৰ ৰাজধানী দিল্লীত প্ৰতিটো এলপিজি চিলিণ্ডাৰ(LPG Cylinder)ৰ মূল্য ৮১৯ টকা হৈছেগৈ।
ফেব্ৰুৱাৰী মাহত চিলিণ্ডাৰৰ মূল্য ১২৫ টকা বৃদ্ধি পাইছে। চিলিণ্ডাৰৰ বৰ্ধিত মূল্যৰ মাজত, ডিজিটেল পেমেণ্ট এপ পেটিএম( Paytm) আৰু এমাজন(Amazon)-এ গ্ৰাহকসকলক কিছু সকাহ দিবলৈ হাতত লৈছে বিশেষ পদক্ষেপ।
পেটিএমে প্ৰথমবাৰৰ বাবে এলপিজি চিলিণ্ডাৰ বুকিংৰ ওপৰত ১০০ টকাৰ কেশ্ববেক দিছে। যদি আপুনি পেটিএমৰ পৰা গেছ চিলিণ্ডাৰ বুক কৰে, আপুনি দিল্লীত ৮১৯ টকা মূল্যৰ চিলিণ্ডাৰ ৭১৯ টকাত পাব পাৰিব। ইয়াৰ বাবে, পেটিএমে কিছুমান চৰ্ত আৰোপ কৰিছে।
ইয়াৰে প্ৰথম চৰ্তটো হ'ল, যদি আপুনি প্ৰথমবাৰৰ বাবে পেটিএমৰ জৰিয়তে গেছ চিলিণ্ডাৰ বুক কৰে, আপোনাক কেশ্ব বেক দিয়া হ'ব। এই ৰেহাই ৩১ মাৰ্চলৈকে বৈধ থাকিব। মূল্য পৰিশোধ কৰাৰ পিছত আপোনাক এখন স্ক্ৰেটচ কাৰ্ড দিয়া হ'ব। এইখন ৭ দিনৰ ভিতৰত স্ক্ৰেটছ কৰিব লাগিব। অন্যথা, ইয়াৰ ম্যাদ শেষ হ'ব। আপুনি স্ক্ৰেটছ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ ৱালেটত টকা জমা হ'ব।
ইয়াৰ উপৰিও এমাজনেও চিলিণ্ডাৰ বুকিঙৰ ওপৰত বিশেষ ৰেহাই প্ৰদান কৰিছে। এই ৰেহাইৰ বিষয়ে ইণ্ডিয়ান অইলে টুইটাৰৰ জৰিয়তে জনাইছিল। জনাইছিল যে, যদি আপুনি এমাজনৰ পৰা ইণ্ডেন এলপিজি চিলিণ্ডাৰ বুক কৰে, আপুনি ৫০ টকাৰ কেশ্ব বেক পাব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|