• Home
  • »
  • News
  • »
  • nation
  • »
  • বিস্ময়কৰ প্ৰেমকাহিনীঃ একেটা মণ্ডপতে তিনিগৰাকী প্ৰেমিকাক কৰালে বিবাহ, উপস্থিত ছয় সন্তানো

বিস্ময়কৰ প্ৰেমকাহিনীঃ একেটা মণ্ডপতে তিনিগৰাকী প্ৰেমিকাক কৰালে বিবাহ, উপস্থিত ছয় সন্তানো

ঘটনাটো মধ্যপ্ৰদেশৰ আলিৰাজপুৰৰ

ঘটনাটো মধ্যপ্ৰদেশৰ আলিৰাজপুৰৰ

ঘটনাটো মধ্যপ্ৰদেশৰ আলিৰাজপুৰৰ

  • Share this:
তিনিগৰাকী প্ৰেমিকাক একেলগে বিবাহ কৰাই চৰ্চাৰ কেন্দ্ৰত এগৰাকী প্ৰেমিক। তিনিগৰাকীকৈ প্ৰেমিকাৰ সৈতে ১৫ বছৰীয়া লিভ-ইন সম্পৰ্ক বোজাই ৰখা প্ৰেমিকে তিনিওগৰাকীকে বিয়া কৰায়। ঘটনাটো মধ্যপ্ৰদেশৰ আলিৰাজপুৰৰ (Alirajpur)।

সংবাদ সংস্থা এ এন আইৰ প্ৰতিবেদন মতে, বিবাহ মণ্ডপত উপস্থিত থাকে লিভ-ইন সম্পৰ্কত থকা অৱস্থাত জন্ম পোৱা তেওঁৰ ছয় সন্তানো। বিবাহৰ নিমন্ত্ৰণী পত্ৰত তিনিওগৰাকী কন্যাৰ নাম ছপা কৰি দৰাই সকলো আত্মীয়কে নিমন্ত্ৰণ জনাইছিল আৰু সৰহসংখ্যক আত্মীয় উপস্থিত আছিল এই আজব বিবাহখনত।

আজব বিবাহখনৰ ৩৫ বছৰীয়া দৰা চমৰথ মৌৰ্য (Samarth Maurya)ৰ এই তিনিগৰাকী প্ৰেমিকাৰ নাম নান বাই, মেলা আৰু চকৰি।





ঘটনাটো কি সেয়া জানিব বিচৰাত চমৰথে কয় যে তেওঁ বিভিন্ন সময়ত তিনিগৰাকী মহিলাৰ প্ৰেমত পৰিছিল। তেওঁ ১৫ বছৰ ধৰি তেওঁৰ তিনিগৰাকী প্ৰেমিকাৰ সৈতে লিভ-ইনত বাস কৰি আছিল। এই সময়ছোৱাত, তেওঁলোকৰ ছটা সন্তানো জন্ম হয়। কিন্তু তেওঁৰ আৰ্থিক অৱস্থা এনেকুৱা নাছিল যে তেওঁ তেওঁৰ তিনিগৰাকী পত্নীক একেলগে পোহপাল দিব পাৰে। গতিকে তেওঁ বিয়া কৰাব নোৱাৰিলে। এতিয়া আৰ্থিক অৱস্থা কিছু সবল হোৱাত তেওঁ তিনিওগৰাকীৰ সৈতে কথা পাতি আনুষ্ঠানিকভাৱে পত্নীৰ স্বীকৃতি দিয়ে। তেওঁ ৩০ এপ্ৰিল আৰু ১ মে'ত জনজাতীয় ৰীতি-নীতি অনুসৰি বিবাহ পাশত আবদ্ধ হয়।

উল্লেখ্য, চমৰথে প্ৰতিনিধিত্ব কৰা জনজাতীয় ভিলালা সম্প্ৰদায়ক লিভ-ইনত থাকিবলৈ আৰু সন্তান জন্ম দিবলৈ অনুমতি দিয়া হয়, কিন্তু পৰিয়ালৰ কোনো সদস্যক বিবাহ অবিহনে মাংগলিক কামত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহয়।
Published by:Gautam Barman
First published: