• Home
  • »
  • News
  • »
  • nation
  • »
  • Amarnath Yatra 2022 : ৬ হাজাৰ ফুট উচ্চতাতো লাভ কৰিব অক্সিজেন চিলিণ্ডাৰ, ম’বাইল টাৱাৰ – অমৰনাথ যাত্ৰাক লৈ মন্তব্য অমিত শ্বাহৰ

Amarnath Yatra 2022 : ৬ হাজাৰ ফুট উচ্চতাতো লাভ কৰিব অক্সিজেন চিলিণ্ডাৰ, ম’বাইল টাৱাৰ – অমৰনাথ যাত্ৰাক লৈ মন্তব্য অমিত শ্বাহৰ

জম্মু–কাশ্মীৰত কাশ্মীৰী পণ্ডিতসহ কেইবাটাও হত্যাকাণ্ডৰ পিছত ৩০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া তীৰ্থযাত্ৰাৰ পূৰ্বে দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰে অমিত শ্বাহে।

জম্মু–কাশ্মীৰত কাশ্মীৰী পণ্ডিতসহ কেইবাটাও হত্যাকাণ্ডৰ পিছত ৩০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া তীৰ্থযাত্ৰাৰ পূৰ্বে দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰে অমিত শ্বাহে।

জম্মু–কাশ্মীৰত কাশ্মীৰী পণ্ডিতসহ কেইবাটাও হত্যাকাণ্ডৰ পিছত ৩০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া তীৰ্থযাত্ৰাৰ পূৰ্বে দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰে অমিত শ্বাহে।

  • Share this:
অমৰনাথ তীৰ্থযাত্ৰীসকলৰ বাবে ৬,০০০ ফুট উচ্চতাত আন স্বাস্থ্য সুবিধাৰ লগতে উপলব্ধ হ’ব অক্সিজেন চিলিণ্ডাৰো, স্থাপন কৰা হ’ব ম’বাইল টাৱাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে নতুন দিল্লীত দুখনকৈ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰি বাৰ্ষিক তীৰ্থযাত্ৰাৰ পৰ্যালোচনা কৰাৰ পিছত এই মন্তব্য কৰে।

জম্মু–কাশ্মীৰত কাশ্মীৰী পণ্ডিতসহ কেইবাটাও হত্যাকাণ্ডৰ পিছত ৩০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া তীৰ্থযাত্ৰাৰ পূৰ্বে দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰে অমিত শ্বাহে। কোভিড–১৯ৰ বাবে অতিৰিক্ত স্বাস্থ্য সতৰ্কতা অৱলম্বন কৰিব কেন্দ্ৰীয় চৰকাৰে, কিয়নো ২০২০ চনত মহামাৰীৰ প্ৰাদুৰ্ভাৱ দেখা দিয়াৰ পিছত এয়া প্ৰথম অমৰনাথ যাত্ৰা। অধিক উচ্চতাৰ কাৰণে, স্বাস্থ্যৰ সমস্যা থকাসকলৰ বাবে চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

মাৰাথন বৈঠকৰ সময়ত অমিত শ্বাহে জনায়, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ অগ্ৰাধিকাৰ হ’ল তীৰ্থযাত্ৰীসকলৰ দৰ্শনত সহজ প্ৰৱেশাধিকাৰ। যাতায়াত, থকাৰ ব্যৱস্থা, বিদ্যুত‍, পানী, যোগাযোগ আৰু স্বাস্থ্য সেৱাসহ প্ৰয়োজনীয় সকলো সুবিধাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে মোদীয়ে।

অমিত শ্বাহৰ নিৰ্দেশ, যাতায়াতৰ সুচল ব্যৱস্থা আৰু তথ্য প্ৰচাৰৰ বাবে ম’বাইল টাৱাৰৰ সংখ্যা বঢ়াব লাগিব। ভূমিস্খলনৰ ক্ষেত্ৰত অবিলম্বে পথ খুলি িয়াৰ বাবে মেচিনৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়ে শ্বাহে। ৬,০০০ ফুটৰো অধিক উচ্চতাত পাব অক্সিজেন চিলিণ্ডাৰ আৰু মেডিকেল সুবিধা। জৰুৰীকালীন অৱস্থাত এম্বুলেঞ্চ আৰু হেলিকপ্টাৰো মোতায়েন কৰা হ’ব। যাত্ৰীৰ সুবিধাৰ্থে যাত্ৰাৰ সময়ত সকলো শ্ৰেণীৰ পৰিবহণ সেৱা বৃদ্ধিৰ নিৰ্দেশ দিছে অমিত শ্বাহে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি